পেহেলগাম আক্ৰমণৰ পিছত ভাৰতীয় সেনাই ‘অপাৰেচন সিন্দূৰ’ৰ জৰিয়তে পাকিস্তান আৰু সন্ত্ৰাসবাদীক উচিত শিক্ষা দিয়ে। দেশ ৰক্ষাৰ ক্ষেত্ৰত ভাৰতীয় সেনাৰ জোৱানসকল অত্যোৎসাহী। সেই জোৱানসকলৰ মনোবল বৃদ্ধিৰ বাবে আজি শ্ৰীনগৰত উপস্থিত হয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।
ৰাজনাথ সিঙে ভাষণত আৰু কি ক’লে:
- পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণত নিহত হোৱা সকলো নিৰীহ সাধাৰণ নাগৰিক আৰু ‘অপাৰেচন সিন্দূৰ’ৰ সময়ত শ্বহীদ হোৱা আমাৰ জোৱানলৈ মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আমাৰ আহত জোৱানসকলৰ সাহসকো প্ৰণাম জনাইছো আৰু তেওঁলোকৰ আশু আৰোগ্য লাভৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। প্ৰাণ আহুতি দিয়া বীৰ জোৱানসকললৈ আৰু লগতে পহলগামত নিহত নিৰীহ লোকসকলৰ প্ৰতি মোৰ শ্ৰদ্ধাঞ্জলি।
- আজি এই কঠিন পৰিস্থিতিত আপোনালোক সকলোৰে মাজত থাকিবলৈ পাই মই অতি গৌৰৱ অনুভৱ কৰিছো। অপাৰেচন সিন্দূৰৰ সময়ত, আমাৰ প্ৰধানমন্ত্ৰীৰ সবল নেতৃত্ব আৰু নিৰ্দেশনাত আপোনালোক যি কৰিলে, সমগ্ৰ জাতিটোক গৌৰৱেৰে ভৰাই তুলিছে। যদিও মই এতিয়া আপোনালোকৰ প্ৰতিৰক্ষা মন্ত্ৰী, তাৰ আগতে মই ভাৰতৰ নাগৰিক। প্ৰতিৰক্ষা মন্ত্ৰী হোৱাৰ সমান্তৰালকৈ আজি ইয়ালৈ আহি ভাৰতৰ মই এজন সাধাৰণ নাগৰিক হিচাপেহে আপোনালোকৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰিছো।
- আপোনালোকৰ শক্তি অনুভৱ কৰিবলৈ আহিছো, যিয়ে শত্ৰুক ধ্বংস কৰি পেলালে। সীমান্তৰ সিপাৰে পাকিস্তানৰ পোষ্ট আৰু বাংকাৰ ধ্বংস কৰাৰ ধৰণ শত্ৰুৱে কেতিয়াও পাহৰিব নোৱাৰে। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে সাধাৰণতে মানুহে উত্তেজনাত জ্ঞান হেৰুৱাই পেলায়। কিন্তু আপোনালোকে আপোনালোকৰ উৎসাহ, আপোনাৰ স্থিৰতা বজাই ৰাখিছিল আৰু সজ্ঞানে আপোনালোকৰ শত্ৰুৰ আত্মগোপন স্থান ধ্বংস কৰে।
- আজি মই প্ৰতিৰক্ষা মন্ত্ৰীৰ লগতে ইয়ালৈ এজন দূত হিচাপে আহিছো। সমগ্ৰ দেশৰে শুভেচ্ছা, প্ৰাৰ্থনা আৰু কৃতজ্ঞতা কঢ়িয়াই লৈ আপোনালোকৰ মাজলৈ আহিছো। এক প্ৰকাৰে আপোনালোকে বুজিব পাৰিব যে মই আপোনালোকৰ মাজলৈ এজন ডাকোৱাল হিচাপে আহিছো আৰু দেশবাসীৰ এটা বাৰ্তা লৈ আহিছো। বাৰ্তাটো হ’ল ‘আমি আমাৰ শক্তিক লৈ গৌৰৱান্বিত’।
- অপাৰেচন সিন্দূৰ কেৱল অপাৰেচনৰ নাম নহয়, ই এক প্ৰতিশ্ৰুতি। এনে এক প্ৰতিশ্ৰুতি য’ত ভাৰতে দেখুৱালে যে আমি কেৱল প্ৰতিৰক্ষা কামেই নকৰো। সময় আহিলে আমিও কঠোৰ সিদ্ধান্ত লওঁ। এই অভিযানটো আছিল প্ৰতিজন জোৱানৰ চকুত দেখা এটা সপোন যে আমি প্ৰতিটো সন্ত্ৰাসবাদী আত্মগোপন স্থানত উপনীত হ’ম, সেয়া উপত্যকাতেই হওক বা বাংকাৰতেই হওক… আৰু শত্ৰুৰ বুকু ফালি ফালি আমি সেই সন্ত্ৰাসবাদী আত্মগোপন স্থানবোৰ ধ্বংস কৰিহে উভতি আহিম।
- সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে আৰম্ভ কৰিছিল অপাৰেচন সিন্দূৰ। ইতিহাসত এতিয়ালৈকে হোৱা এইটোৱেই হৈছে আটাইতকৈ ডাঙৰ অভিযান। বিগত পঁয়ত্ৰিশৰ পৰা চল্লিশ বছৰ ধৰি ভাৰতে সকলো পৰিধি ভাঙি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজি আহিছে। আজি ভাৰতে সমগ্ৰ বিশ্বক স্পষ্ট কৰি দিছে যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমি যিকোনো পৰ্যায়লৈ যাব পাৰো।
- পেহেলগামত সন্ত্ৰাসবাদী কাণ্ড সংঘটিত কৰি ভাৰতক আঘাত দিয়াৰ প্ৰয়াস কৰা হৈছিল; ভাৰতৰ সামাজিক ঐক্য ভংগ কৰাৰ প্ৰয়াস কৰা হৈছিল। ভাৰতৰ কপালত আক্ৰমণ কৰিলে, আমি তেওঁলোকৰ বুকুত ঘাঁ দিলোঁ। পাকিস্তানৰ ঘাঁ নিৰাময়ৰ একমাত্ৰ উপায় হ’ল ভাৰত বিৰোধী আৰু সন্ত্ৰাসবাদী সংগঠনক আশ্ৰয় দিয়া বন্ধ কৰি তাৰ মাটি ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰিবলৈ নিদিয়া।
- আপোনালোকে হয়তো মনত আছে যে প্ৰায় ২১ বছৰ আগতে এই একেখন পাকিস্তানে ইছলামবাদত অটলজীৰ সন্মুখত ঘোষণা কৰিছিল যে তেওঁলোকৰ ভূমিৰপৰা আৰু সন্ত্ৰাসবাদ বিয়পাই দিয়া নহ’ব।