Monday, July 7, 2025
Homeৰাষ্ট্ৰীয়"দিল্লী বনেগা খালিস্তান" "খালিস্তান জিন্দাবাদ"

“দিল্লী বনেগা খালিস্তান” “খালিস্তান জিন্দাবাদ”

ডিজিটেল  ডেস্ক,  ANEWS24X7: দিল্লী মেট্ৰ’ ষ্টেচনত খালিস্তান সমৰ্থকৰ শ্লোগান। জি ২০ শীৰ্ষ সন্মীলন পূ্ৰ্বে ৰাজধানী দিল্লীৰ মহানগৰীৰ কেইবাটাও মেট্ৰ’ ষ্টেচনৰ দেৱালত “দিল্লী বানেগা খালিস্তান” আৰু “খালিস্তান জিন্দাবাদ”কে ধৰি খালিস্তান সমৰ্থকৰ শ্লোগান পৰিলক্ষিত কৰা হৈছে ।

৯ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ ৰাষ্ট্ৰীয় ৰাজধানীত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনত ইউৰোপীয় সংঘ, আমন্ত্ৰিত অতিথি দেশৰ ৩০ জনৰো অধিক ৰাষ্ট্ৰপতি আৰু উচ্চপদস্থ বিষয়া আৰু ১৪ জন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ মুৰব্বীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।সংবাদ সংস্থা পিটিআইৰ উদ্ধৃতিৰে দিল্লী মেট্ৰ’ ৰে’ল কৰ্প’ৰেশ্যনৰ এগৰাকী বিষয়াই কয় যে, “এয়া আইন-শৃংখলাৰ পৰিস্থিতি।

আমি দিল্লী আৰক্ষীক সহযোগ কৰিম।”এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে বুলি দিল্লী আৰক্ষীয়ে জনোৱা মতে, গোচৰৰ তথ্য লাভৰ বাবে চিচিটিভি ফুটেজও স্কেন কৰা হৈছে।ঘটনাৰ পিছতে সস্তম হৈ পৰিছে দিল্লী আৰক্ষী বৰ্তমানে জি-২০ শীৰ্ষ সন্মিলনৰ পূৰ্বে দিল্লী আৰক্ষীয়ে ছ’চিয়েল মিডিয়াত নিৰীক্ষণ কৰি আছে যাতে উৰাবাতৰি আৰু প্ৰজ্বলনমূলক বিষয়বস্তুৰ বিস্তাৰ ৰোধ কৰা হয়, অপৰাধমূলক উপাদান চিনাক্ত কৰা হয়, আৰু চহৰখনৰ মূল, বজাৰ, ধৰ্মীয় স্থানসমূহৰ নিৰাপত্তাৰ ওপৰত গুৰুত্ব দিয়া হয়।

অকৰ্তৃত্বশীল প্ৰৱেশ ৰোধৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানীত প্ৰৱেশ কৰা সকলো সীমান্ত ছীল কৰা হ’ব যদিও সাধাৰণ যান-বাহন আৰু ৰাজহুৱা চলাচলৰ অনুমতি দিয়া হ’ব বুলি দিল্লী আৰক্ষীয়ে জানিবলৈ দিয়ে।সন্মিলনৰ সময়ত যিকোনো চিকিৎসা জৰুৰীকালীন অৱস্থা চম্ভালিব পৰাকৈ মুঠ ৮০টা চিকিৎসকৰ দল আৰু ১৩০খন এম্বুলেন্সো ষ্টেণ্ডবাইত থাকিব। শেহতীয়াকৈ এখন পৰ্যালোচনা বৈঠকত দিল্লীৰ উপ-ৰাজ্যপাল ভি কে ছাক্সেনাক জনোৱা হৈছিল যে এই সন্মিলনৰ সৈতে জড়িত ৬০ জন আৰক্ষী উপ আয়ুক্তক নিৰ্দিষ্ট কাম দিয়া হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments