Thursday, November 7, 2024
Homeৰাষ্ট্ৰীয়ৰাজপথত গজাল, বেৰিকেড, CCTV, কাঁইটীয়া তাঁৰ

ৰাজপথত গজাল, বেৰিকেড, CCTV, কাঁইটীয়া তাঁৰ

দিল্লী, ১৩ফেব্ৰুৱাৰী: কৃষকৰ প্ৰতিবাদে লৈছে ভয়ংকৰ ৰূপ। হাজাৰ হাজাৰ কৃষকৰ ওপৰত নিক্ষেপ কৰা হৈছে কন্দুৱা গেছ। প্ৰতিবাদৰ নামত একাংশ কৃষকে লৈছে হিংসাৰ আশ্ৰয়, আৰক্ষীৰ ওপৰতো নিক্ষেপ কৰিছে শিলগুটি । শম্ভু সীমান্তত উত্তপ্ত পৰিস্থিতি।একাধিক দাবীৰ সমৰ্থনত আন্দোলন কৃষক সংগঠনসসমূহৰ।

কৃষকৰ ঋণ মাফ, গোচৰ প্ৰত্যাহাৰ, নূন্যতম সমৰ্থিক মূল্য প্ৰদান, কৃষক আৰু কৃষি ক্ষেত্ৰত নিয়োজিত শ্ৰমিকৰ পেঞ্চন ব্যৱস্থাকে ধৰি একাধিক দাবীৰ সমৰ্থনত পুনৰ আন্দোলনত নামিছে কৃষক সংগঠন সমূহ।
কৃষকৰ প্ৰতিবাদ ৰোধিবলৈ সাজু হৈছে আৰক্ষী প্ৰশাসন। দিল্লীৰ প্ৰৱেশ পথসমূহত বেৰিকেড স্থাপনেৰে প্ৰতিবাদকাৰীক বাধা দিবলৈ সাজু হৈছে আৰক্ষী প্ৰশাসন। এমাহৰ বাৰে দিল্লীত জাৰি কৰা হৈছে ১৪৪ ধাৰা ।

সোমবাৰে কৃষক সংগঠন আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত হোৱা আলোচনাৰ সময়ত দুয়োপক্ষৰ মাজত এখন বৈঠক অনুষ্ঠিত কৰিছিল। এই বৈঠকত কোনো চুক্তি সম্পাদন নোহোৱাত মঙ্গলবাৰে দিল্লী অভিমুখে ‘দিল্লী চলো’ পদযাত্ৰা আৰম্ভ কৰে। কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী নীতিৰ প্ৰতিবাদ জনাই পঞ্জাৱ, হাৰিয়ানাৰ কৃষকসকলে পুনৰ এই পদযাত্ৰা গ্ৰহণ কৰে

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments