ডিজিটেল ডেস্ক, ANEWS24X7 : গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ আবেদন ৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বিৰুদ্ধে মানহানি গোচৰ ৰুজু কৰিছিল ৷ এই গোচৰ বাতিল কৰিবৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে চিছোদিয়াৰ এই আবেদন খাৰিজ কৰি ১৯ নৱেম্বৰত ন্যায়ালয়ত হাজিৰ হ’বলৈ জাননী জাৰি কৰিছে ৷
ইয়াৰ পূৰ্বে কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে চিছোদিয়াক ১৯ ছেপ্টেম্বৰত আদালতত হাজিৰ হ’বলৈ জাননী জাৰি কৰিছিল। ন্যায়ালয়ৰ এই জাননীৰ পিছতে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্ত হৈছিল দিল্লীৰ উপমুখ্যমন্ত্ৰী গৰাকী ৷
উল্লেখ্য যে, এক সংবাদমেলত দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল ৷ মনীষ চিছোদিয়াই অভিযোগ উত্থাপন কৰিছিল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ ফৰ্মৰ পৰা ব্যয়বহুল মূল্যত ৰাজ্যখনৰ বাবে পিপিই কিট ক্ৰয় কৰাৰ অভিযোগ উত্থাপন কৰিছিল ৷ ইয়াৰ পিছতে মনীষ চিছোদিয়াৰ বিৰুদ্ধে মানহানি গোচৰ ৰুজু কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷