ডিজিটেল ডেস্ক, ৮ফেব্ৰুৱাৰী: দিল্লী বিধানসভা নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিলে বিজেপিয়ে। ৩৬খন আসনত জয়লাভ কৰিছে বিজেপিয়ে। ২৭ বছৰৰ পিছত দিল্লীত চৰকাৰ গঠন কৰিব বিজেপি দলে।
দিল্লী বিধানসভা নিৰ্বাচনত পৰাজয়বৰণ কৰিবলগীয়া হ’ল কেইবাগৰাকীও বিয়াগোম নেতা। প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ লগতে প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়াও পৰাস্ত হয় নিৰ্বাচনত। নতুন দিল্লী সমষ্টিত পৰাস্ত হয় অৰবিন্দ কেজৰিৱাল।
৩১৮২টা ভোটত পৰাস্ত হয় দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। বিজেপি প্ৰাৰ্থী পাৰভেজ বৰ্মাৰ হাতত পৰাস্ত হয় অৰবিন্দ কেজৰিৱাল। ইফালে, দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়া পৰাস্ত হয় জংগাপুৰা সমষ্টিত। বিজেপি প্ৰাৰ্থী তৰবিন্দৰ সিঙৰ হাতত পৰাস্ত হয় মনীষ ছিছ’ডিয়া।
উল্লেখযোগ্য যে ৭০খন আসনযুক্ত দিল্লী বিধানসভাৰ মেজিক নম্বৰ ৩৬। আৰু ইতিমধ্যে বিজেপিয়ে লাভ কৰিছে ৩৬খন আসন। একক সংখ্যাগৰিষ্ঠতা লাভ কৰি দিল্লী দখল কৰিলে বিজেপিয়ে। বিজেপিৰ বৃহৎ জয়ৰ পিছতে দলটোক শুভেচ্ছা জনালে আম আদমি পাৰ্টীৰ মুৰব্বী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।