ডিজিটেল ডেস্ক, ANEWS24X7: ২৪ জানুৱাৰীত দিল্লী পৌৰ নিগমৰ বৈঠকৰ আহ্বান ৷ অহা ২৪ জাৱুৱাৰীত মেয়ৰ নিৰ্বাচনৰ বাবে অনুমোদন জনাইছে দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰে ৷
দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰ ভি কে চেক্সেনাই সোমবাৰে এই কথা ঘোষণা কৰে ৷ এই সন্দৰ্ভত লেফটেনেণ্ট গভৰ্ণৰৰ কাৰ্যালয়ৰ পৰা এক জানানী জাৰি কৰিছে ৷ জাননীৰ জৰিয়তে লেফটেনেণ্ট গভৰ্ণৰ ভি কে চেক্সেনাই কয় যে ,‘‘ অহা ২৪ জনুৱাৰীত দিল্লী পৌৰ নিগমৰ বৈঠক আহ্বান কৰাৰ বাবে অনুমোদন জনোৱা হৈছে ৷’’
দিল্লী চৰকাৰে লেফটেনেণ্ট গভৰ্ণৰলৈ এক প্ৰস্তাৱ প্ৰেৰণ কৰিছিল ৷ দিল্লী চৰকাৰে ১৮ ,২০ ,২১ বা ২৪ জানুৱাৰীত দিল্লীত মেয়ৰ নিৰ্বাচন অনুষ্ঠিত কৰিবৰ বাবে লেফটেনেন্ট গভৰ্ণৰ ভি কে চেক্সেনালৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল ৷
লেফটেনেন্ট গভৰ্ণৰ অনুৰোধ জনায় যে দিল্লী পৌৰ নিগমত যোৱা ৮ মাহ ধৰি মেয়ৰ অবিহনে কাম চলি আছে ৷ সেয়েহে মেয়ৰ নিৰ্বাচন আৰু পলম কৰাটো উচিত নহয় ৷ এই সন্দৰ্ভত দিল্লী পৌৰ নিগমৰ বিষয়া সকলেও এক প্ৰস্তাৱ গ্ৰহণ কৰি দিল্লী চৰকাৰলৈ প্ৰেৰণ কৰিছিল ৷