ডিজিটেল ডেস্ক, ৬আগষ্ট:পুনৰ বিপদত পৰাৰ সম্ভাৱনা গুৱাহাটীবাসী!আগন্তুক ৫ দিন ধৰি হ’ব ধাৰাষাৰ বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীত চিন্তিত জনতা। বিশেষ কাৰণ নহ’লে নোলাব ঘৰৰ পৰা
আকৌ আহি আছে ধাৰাষাৰ বৰষুণ । বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট আৰু ইয়েল্ল এলাৰ্ট ।
বৰ্তমানে ৩ জিলাত অৰেঞ্জ এলাৰ্ট আৰু ২৫ জিলাত ইয়েল্ল এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ।ৰাজ্যত পুনৰ ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা।
সোমবাৰৰ দৰে গুৱাহাটীত হব পাৰে অভাৱনীয় পৰিস্থিতি।ইতিমধ্যে গুৱাহাটীৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে মজলীয়া বৰষুণ । বিভিন্ন জিলাতেই নহয় ৰাজ্যজুৰি বৰষুণ হোৱাৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ।যাৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যজুৰি হাই এলাৰ্ট জাৰি কৰিছে ।
তাৰ মাজতে বিশেষকৈ ৩ জিলাত অৰেঞ্জ এলাৰ্ট আৰু ২৫ জিলাত ইয়েল্ল এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। গোৱালপাৰা, বিশ্বনাথ আৰু শোণিতপুৰত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। কামৰূপ জিলাত ইয়েল্ল এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই