ডিজিটেল ডেস্ক ANEWS24X7: দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰলৈ নতুন বিপদ ৷ অৰবিন্দ কেজৰিৱাল চৰকাৰৰ বিৰুদ্ধে দিল্লীৰ লেফটেনেন্ট গভৰ্ণৰ বিনায় কুমাৰ চাক্সেনাই চিবিআই তদন্তৰ সন্মতি প্ৰদান কৰিছে ৷ দিল্লী পৰিবহন নিগমৰ বাছ ক্ৰয়ত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি বিৰোধী বিজেপিয়ে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল ৷
এই সন্দৰ্ভত দিল্লীৰ মুখ্যসচিব নৰেশ কুমাৰে আগষ্ট মাহত এখন প্ৰতিবেদন দাখিল কৰিছিল ৷ দিল্লীৰ মুখ্য সচিবে বাছ ক্ৰয়ৰ বাবে নিবিদাত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি তদন্তৰ প্ৰস্তাৱ দিছিল ৷ এই প্ৰস্তাৱৰ ভিত্তিতে লেফটেনেন্ট গভৰ্ণৰ বিনায় কুমাৰ চাক্সেনাই তদন্তৰ নিৰ্দেশ দিছে ৷ লেফটেনেন্ট গভৰ্ণৰৰ চিবিআই তদন্তৰ ঘোষণাক ৰাজনৈতিক উদ্দেশ্য-প্ৰণোদিত বুলি মন্তব্য কৰিছে আম আদমী পাৰ্টীয়ে ৷