Friday, November 8, 2024
Homeঅসমৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ডেংগুৱে

ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ডেংগুৱে

ডিজিটেল ডেস্ক, ANEWS24X7: ৰাজ্যত তীব্ৰ গতিত বৃদ্ধি পাইছে ডেংগুত আক্ৰান্ত লোকৰ সংখ্যা ৷ কাৰ্বি আংলং , কামৰূপ মহানগৰ , নলবাৰী , শিৱসাগৰ ডিমা হাচাও , দৰং , নগাঁও , হোজাই , শোনিতপুৰ তিনিচুকীয়া , ওদালগুৰি আদি কেইবাখনো জিলাত ডেংগুৰ প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা গৈছে ৷ ৰাজ্যৰ ভিতৰত সৰ্বাধিক কাৰ্বি আংলং জিলাত আক্ৰান্ত হৈছে ডেংগুত ৷

১ নৱেম্বৰৰ পৰা ৬ নৱেম্বৰলৈ ৰাজ্ত মুঠ ৩৬৯ গৰাকী লোক ডেংগু ৰোগত আক্ৰান্ত হৈছে ৷ কাৰ্বি আংলঙত ৰাজ্ৰ ভিতৰত সৰ্বাধিক ৩৪৪ জন লোক ডেংগুত আক্ৰান্ত হৈছে ৷ আনহাতে গুৱাহাটীত প্ৰথমজন ডেংগুত আক্ৰান্ত ৰোগী মৃত্যু হৈছে ৷ বৰ্তমানলৈকে GMCHত ৬ জন ডেংগুত আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছে ।

ডেংগুৰ ভয়াবহতাৰ প্ৰতিলক্ষ্য ৰাখি কাৰ্বি আংলং জিলাত বিদ্যালয় সমূহ বন্ধ ৰখোৱাৰ নিৰ্দেশ দিয়া হৈছে ৷ কাৰ্বি আংলং স্বায়ত্ব পৰিষদে ৭ নৱেম্বৰৰ পৰা ১২ নৱেম্বৰলৈ ৫ দিনৰ বাবে ডিফুৰ শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments