ডিজিটেল ডেস্ক, ANEWS24X7: দিল্লীৰ আম আদমী পাৰ্টি চৰকাৰলৈ জাননী জাৰি ৷ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ তথ্য আৰু প্ৰচাৰ সঞ্চালকালয়ে দিল্লীৰ লেফটেনেন্ট গভৰ্ণৰ বিনয় কুমাৰ চাক্সেনাৰ নিৰ্দেশত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ জাননী প্ৰেৰণ কৰিছে ৷ দিল্লী চৰকাৰৰ বিৰুদ্ধে চৰকাৰী বিজ্ঞাপনৰ আৱৰণত ৰাজনৈতিক প্ৰচাৰ চলোৱাৰ অভিযোগত এই জাননী জাৰি কৰা হৈছে ৷
জাননী খনৰ জৰিয়তে আম আদমী পাৰ্টিক ১০ দিনৰ ভিতৰত ১৬৪ কোটি টকা জমা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ মুখ্যমন্ত্ৰী কেজৰিৱালৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ আদেশ আৰু চৰকাৰী বিজ্ঞাপনৰ পৰিচালনা সমিতিৰ ২০১৬ চনৰ নিৰ্দেশনা উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে দিল্লীৰ লেফটেনেন্ট গভৰ্ণৰ বিনয় কুমাৰ চাক্সেনাই ৷ তেওঁ কয় যে ,‘‘ চৰকাৰে মৌলিক ৰাজহুৱা স্বাৰ্থৰ কাম কৰাৰ পৰিৱৰ্তে ভায়ণ আৰু বিজ্ঞ্ৰাপনৰ ওপৰত চলি আছে ৷’’
আপ চৰকাৰৰ বিৰুদ্ধে দিল্লীৰ উপ-ৰাজ্যপাল গৰাকীয়ে পঞ্জাৱ , গোৱা , গুজৰাট আৰু উত্তৰাখণ্ডকে ধৰি বিভিন্ন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত দিল্লী চৰকাৰৰ ধনেৰে ৰাজনৈতিক প্ৰচাৰ চলাই থকাৰ অভিযোগ উত্থান কৰিছে ৷ আপে এই অভিযোগ অস্বীকাৰ কৰাৰ লগতে উপ-ৰাজ্যপাল গৰাকীৰ সাংবিধানীক অধিকাৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে ৷