Sunday, July 6, 2025
Homeঅসমনিহাৰিকা শইকীয়াক হেৰুৱাই শোকত ম্ৰিয়মান হৈ পৰিছে সহপাঠীসকল

নিহাৰিকা শইকীয়াক হেৰুৱাই শোকত ম্ৰিয়মান হৈ পৰিছে সহপাঠীসকল

গোলাঘাট, ৬জানুৱাৰী: অভিশপ্ত ৩ জানুৱাৰী! কোনেও কাহানিও কল্পনা নকৰা, কোনোদিন সপোনতো নভবা এটা দুৰ্ঘটনাই মুহূৰ্ততে থান-বান কৰি থৈ গ’ল বহুতৰে জীৱন.. দেৰগাওঁ ট্ৰেজেদীয়ে কন্দুৱাই গ’ল অসমবাসীক। মুহূৰ্ততে শেষ হৈ গ’ল বহু ঘৰ, বহু পৰিয়াল। ঘৰৰ পৰা হাঁহি-মাতি ওলাই যোৱা বহু মানুহৰ কোনোবা হৈ পৰিল ঘুণীয়া নাইবা আন কোনোজনে চিৰদিনৰ বাবে মেলানি মাগিলে এই পৃথিৱীৰ পৰা।

নিহতসকলৰ মাজত আছে একেটা পৰিয়ালৰে একাধিক লোক। ইয়াৰে কোনোবা হয়তো পিতা-পুত্ৰ, নাইবা মাতৃ-কন্যা। ৩ জানুৱাৰীৰ পুৱাতেই আঠখেলীয়া ভৰলুৱাৰ পৰা তিনিচুকীয়া টিলিঙা মন্দিৰলৈ গৈছিল দলটো। এই ঘটনাই এতিয়া কন্দুৱাইছে সমগ্ৰ অসমকে। কিন্তু অসমৰ ইতিহাসত এই ঘটনাই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও অসমৰ ইতিহাস ক’লা কৰিছিল কেইবাটাও ভয়ংকৰ পথ দুৰ্ঘটনাই। যি ঘটনাই আজিও কন্দুৱাই যায় অসমবাসীক। যি দুৰ্ঘটনাই নিমিষতে কাঢ়ি লৈ গৈছিল বহুতৰ জীৱন-যৌৱন, ধ্বংস কৰিছিল বহুতৰে সংসাৰ।

বছা ভৰলুৱা গাঁৱৰ ২০নং বছা ভৰলুৱা প্ৰাথমিক বিদ্যালয়তো বিৰাজ কৰিছে নিৰৱতা। বিদ্যালয়লৈ অহা নাই কোনো শিক্ষাৰ্থী। দেৰগাঁৱৰ বালিজানৰ শোকাৱহ পথ দুৰ্ঘটনা চিৰদিনৰ বাবে কাঢ়ি লৈ গৈছিল বিদ্যালয়খন চতুৰ্থ শ্ৰেণী কণমানি ছাত্ৰী নিহাৰিকা শইকীয়া। সহপাঠীক হেৰুৱাই শোকত ম্ৰিয়মান হৈ পৰিছে বিদ্যালয়খনৰ শিক্ষক-শিক্ষাৰ্থীসকল।

শিক্ষকসকল নিয়মিতভাৱে বিদ্যালয়লৈ আহি আছে যদিও বিদ্যালয়লৈ অহা নাই কোনো শিক্ষাৰ্থী। দুৰ্ঘটনাৰ দিনাৰ পৰা বিদ্যালয়খনত অহা নাই কোনো শিক্ষাৰ্থী। হয়টো বিদ্যালয়লৈ আহিবলৈ স্বাভাৱিক মন হোৱা নাই শিক্ষাৰ্থীসকল। শিক্ষাৰ্থীৰ অভাৱতে ক্লাছ নকৰাকৈয়ে ঘৰলৈ উভতিব লগা হৈছে বিদ্যালয়খনৰ শিক্ষক।

পুৱতি নিশাই ‘FUFU’ বুলি ষ্টেটাছ দি ঘৰৰ পৰা ওলাই গৈছিল কণমানি নীহাৰিকা। মাক-খুড়ীমাক দাদাকৰ সৈতে ঘৰৰ পৰা বনভোজলৈ বুলি ওলাই গৈছিল নিহাৰিকা। শোকাৱহ পথ দুৰ্ঘটনা নিহত হৈছে নিহাৰিকাৰ মাক, খুড়ীয়েক আৰু ককায়েক।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments