Wednesday, July 9, 2025
Homeঅসমৰহস্যৰ আৱৰ্তত অৱসৰপ্ৰাপ্ত স্বাস্থ্য বিভাগৰ কৰ্মচাৰীৰ কোষেশ্বৰ গগৈৰ হত্যাকাণ্ড

ৰহস্যৰ আৱৰ্তত অৱসৰপ্ৰাপ্ত স্বাস্থ্য বিভাগৰ কৰ্মচাৰীৰ কোষেশ্বৰ গগৈৰ হত্যাকাণ্ড

 

ডিজিটেল ডেস্ক, ২৫জানুৱাৰী: গোলাঘাট জিলাৰ খুমটাই ৰাজহ চক্ৰৰ অন্তৰ্গত বাদুলিপাৰৰ বুঢ়াগাঁৱত ২৩ জানুৱাৰী নিশা সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ড ঘটনাই সমগ্ৰ জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছিল। উল্লেখ যে বাদুলিপাৰ বুঢ়াগাঁৱৰ অৱসৰপ্ৰাপ্ত স্বাস্থ্য বিভাগৰ কৰ্মচাৰীৰ কোষেশ্বৰ গগৈ নামৰ ব্যক্তিজনক কোনো অচিনাক্ত দুৰ্বৃত্তই নিজ গৃহৰ কোঠাত চকুত কাপোৰ বান্ধি হত্যা কৰিছিল।

পাছত মৃত গগৈৰ বিবাহিত কণ্যা টেলিফোন কৰি নোপোৱাত ঘৰৰ কাষতে থকা পৰিয়ালৰ আন লোকক অৱগত কৰাত তেওঁক এটা কোঠাৰ মজিয়াত মৃত অৱস্থাত প্ৰত্যক্ষ কৰিছিল । এই ঘটনা সন্দৰ্ভত স্থানীয় লোকে দেৰগাঁও আৰক্ষীক অৱগত কৰাত দেৰগাঁও আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত অব্যাহত ৰাখিছে ।

আনহাতে ২৪ জানুৱাৰী দিনৰ ভাগত গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক গৰাকী উপস্থিত হৈ ঘটনাস্থলী পৰিদৰ্শন কৰি নিশাই স্নিফাৰ ড’গৰ যোগেদি তদন্ত কৰিছিল যদিও আৰক্ষী সফল হ’ব পৰা নাছিল যদিও কেতবোৰ তথ্য লাভ কৰিছিল। আজি পুনৰ গুৱাহাটীৰ পৰা অহা এটি CID ৰ এটা দলে মৃত কোষেশ্বৰ গগৈৰ বাসগৃহৰ কেতবোৰ নমুনা সংগ্ৰহ কৰে ।

উল্লেখ্য ৰোৱা মঙ্গলবাৰে গোলাঘাট জিলাৰ বাদুলিপাৰ বুঢ়াগাওত সংঘটিত হৈছিল জঘন্য হত্যা কাণ্ডৰ ঘটনা। ঘৰৰ ভিতৰত চকু বান্ধি হত্যা কৰা হৈছিল ৮১ বছৰীয়া এগৰাকী বৃদ্ধাক। যাৰ পাছৰে পৰা তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত। এই সমগ্ৰ ঘটনাৰ এক উচিত তদন্ত কৰি দুখীক উচিত শান্তি প্ৰদানৰ দাবী জনাইছে স্থানীয় ৰাইজে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments