Sunday, July 6, 2025
Homeঅসমদুগৰাকীকৈ নাতিনীৰ তিলনি পাতিলে ককাই

দুগৰাকীকৈ নাতিনীৰ তিলনি পাতিলে ককাই

গোলাঘাট, ৫জানুৱাৰী: বছা ভৰলুৱাৰ গাঁওবাসীয়ে আজিও কান্দিছে। কোনে কাক কি বুলি সান্তনা দিব? বাকৰুদ্ধ হৈ পৰিছে বছা ভৰলুৱাবাসী। বুধবাৰে সন্ধিয়া বছা ভৰলুৱাত একেলগে জ্বলিছিল ১১খনকৈ চিতা। কোনেৱে মুখাগ্নি কৰিছিৰ নিজ পুত্ৰক, কোনেৱে ভতিজা-ভতিজীক, কোনেৱে পত্নীক কৰিছিল মুখাগ্নি।

অভিশপ্ত দুৰ্ঘটনাই আজি তিনি দিনত ভৰি দিছে। বচা-ভৰলুৱা গাঁৱত আজি মৃতকৰ ঘৰে ঘৰে সম্পন্ন কৰা হৈছে তিলনিৰ কৰ্ম ৷ প্ৰতিঘৰ লোকৰ ঘৰতে শোকাকুল পৰিবেশ । পুৰুহিতে আৰম্ভ কৰিছে তিলনিৰ কৰ্ম ৷ সকলোৰে চকুত কেৱল চকুলো ৷ আদ্যশ্ৰাদ্ধ ৰাজহুৱাভাৱে পতাৰ সিদ্ধান্ত গাঁওবাসীৰ ৷

দুগৰাকীকৈ নাতিনীয়েকৰ তিলনি সম্পন্ন কৰিবলগীয়া হৈছে এগৰাকী দুৰ্ভগীয়া ককাই। পখিলা খেদাৰ বয়সতে চিৰদিনৰ বাবে আঁতৰি গ’ল ৭ বছৰীয়া প্ৰিন্সিপ্ৰিয়া বৰা। যিসময়তে ককাকৰ সৈতে খেলা-ধুলা কৰিব লাগিছিল সেই সময়ত নাতিনীয়েকৰ তিলনি পাতিব লগা হৈছে দুৰ্ভগীয়া ককাই।

নাতিনী পাপৰি বৰাৰো তিলনি কৰ্ম কৰিব লগা হ’ল দুৰ্ভগীয়া ককা সোণাৰাম বৰাই। বুধবাৰে পুৱতি নিশা বনভোজৰ বাবে ঘৰৰ পৰাই ওলাই যোৱা পাপৰি বৰা সন্ধিয়া উভতি আহিছিল মৃতদেহ হৈ। পাপৰি বৰাৰ লগতে, ভতিজা নিত্যানন্দ বৰাৰো তিললি কাৰ্য কৰিব লগা হ’ল সোণাৰাম বৰাই।

তিনিগৰাকী আত্মীয়ৰ তিলনি কাৰ্য কৰি উচুপি উঠিল ৮০ ঊৰ্ধ্বৰ সোণাৰাম বৰা। কোনেই ভাবিছিল একেলগে বহি সাধু-কথা, খেলা-ধুলা, ৰং-ৰইছ কৰাৰ সময়ত নাতিনীগৰাকীৰ তিলনি কৰিব লগা ককাকে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments