ডিজিটেল ডেস্ক, ANEWS24x7:ঝাৰখণ্ড কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধাত । ঝাৰখণ্ড চৰকাৰে অনুমোদন জনালে দুখন খচৰা বিধেয়ক । ঝাৰখণ্ড কেবিনেটত উত্থাপন কৰা হৈছে Local Resident of Jharkhand Bill 2022 ৷ এই বিধেয়কৰ জৰিয়তে ১৯৩২ চনক ভিত্তিবৰ্ষ হিচাপে লৈ স্থানীয় লোকৰ সংজ্ঞা নিৰূপণৰ কৰা হ’ব ৷ ইয়াৰ লগতে কেবিনেটে ৰাজ্যখনত ৫০ৰ পৰা ৬৭ শতাংশলৈ আৰক্ষণ বৃদ্ধিৰ খচৰা বিধেয়ক অনুমোদন জনাইছে ৷
বিধানসভাত এই বিধেয়ক দুখন গৃহীত হোৱাৰ পিছত হেমন্ত ছোৰেন চৰকাৰে আইন দুখন ৰাজ্যপাল আৰু কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব ৷ লগতে কেন্দ্রক এক সংবিধান সংশোধন আইনৰ যোগেদি আইন কেইখন সংবিধানৰ নৱম অনুসূচী অন্তৰ্ভুক্ত কৰি ন্যায়িক পৰ্যালোচনাৰ পৰা মুক্ত কৰিবলৈও প্ৰস্তাৱ প্ৰেৰণ কৰিব।
উল্লেখ্য যে এই আইনৰ জৰিয়তে ১৯৩২ চন বা তাৰ পূৰ্বৰ মাটিৰ দলিলত নাম আছে সেইসকলকহে স্থানীয় লোকৰ মৰ্যাদা প্ৰদান কৰা হ’ব । ঝাৰখণ্ডৰ স্থানীয় ব্যক্তিৰ সংজ্ঞা আৰু পৰিচয়ৰ কাৰণে তথা স্থানীয় লোকৰ কাৰণে নিৰ্ধাৰিত সামাজিক, সাংস্কৃতিক লাভালাভ স্থানীয় লোকলৈ সম্প্ৰসাৰিত কৰিবলৈ এই বিধেয়ক উত্থাপন কৰা হৈছে।