Thursday, November 7, 2024
Homeমনোৰঞ্জনবিক্ৰী কৰিলে প্ৰয়াত অভিনেতা দেৱ আনন্দৰ অট্টালিকা

বিক্ৰী কৰিলে প্ৰয়াত অভিনেতা দেৱ আনন্দৰ অট্টালিকা

ডিজিটেল ডেস্ক,২০ ছেপ্তেম্বৰ: কিংবদন্তি অভিনেতা দেৱ আনন্দৰ মুম্বাই বাংলোটো ৩৫০ কোটি টকাৰো অধিক মূল্যত ৰিয়েল এষ্টেট কোম্পানীক বিক্ৰী কৰা হয় । মুম্বাইৰ জুহু অঞ্চলত থকা দেৱ আনন্দৰ বাংলো যিটো দশক দশক ধৰি তেওঁৰ বাসগৃহ আছিল, সেই বাংলোটো আনুমানিক মূল্য ৩৫০-৪০০ কোটি টকাত এটা ৰিয়েল এষ্টেট কোম্পানীক বিক্ৰী কৰা হৈছে বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি, ৪০ বছৰ ধৰি প্ৰয়াত কিংবদন্তি অভিনেতা গৰাকীৰ ঘৰৰ ঠাইত এতিয়া ২২ মহলীয়া টাৱাৰ নিৰ্মাণ কৰা হ’ব(Dev Anand’s Juhu bungalow SOLD to make a 22-storey building)।

 

সেই সম্পত্তিত দেৱ আনন্দই পত্নী কল্পনা কাৰ্তিক আৰু সন্তান সুনীল আনন্দ আৰু দেৱীনা আনন্দৰ সৈতে বসবাস কৰিছিল। উল্লেখযোগ্য ঔদ্যোগিকসকলে বাস কৰা এটা প্ৰধান আৱাসিক অঞ্চলত অৱস্থিত অভিনেতা জনৰ বাংলোটো। আনকি মাধুৰী দীক্ষিত আৰু ডিম্পল কাপাদিয়াৰ দৰে লোকেও এসময়ত একেটা চুবুৰীতে বাস কৰিছিল। সদ্য প্ৰাপ্ত তথ্য অনুসৰি অভিনেতা গৰাকীৰ তত্ত্বাৱধায়কৰ অভাৱত বাংলোটো বিক্ৰীৰ সিদ্ধান্ত লোৱা হৈছে।

২০১১ চনৰ ডিচেম্বৰ মাহত তেওঁৰ মৃত্যু হৈছিল।আনহাতে দেৱৰ পত্নী কল্পনা তেওঁলোকৰ কন্যাৰ সৈতে উটিত থাকে পুত্ৰ সুনিয়েল আমেৰিকাত বাস কৰা বুলি জনিব পৰা গৈছে।যিটো কাৰণত বাংলোটোত কোনো সদস্য নথকাৰ উমান পোৱা যায় । দৰাচলতে তেওঁলোকৰ পানভেলৰ সম্পত্তিও আগতেও একেধৰণৰ কাৰণত বিক্ৰী হৈছিল।

খবৰ অনুসৰি এদশক পূৰ্বে ‘জাল’ অভিনেতাগৰাকীৰ ষ্টুডিঅ’ বিক্ৰীৰ ধনেৰে ক্ৰমে সুনিয়েল, দেৱীনা আৰু কল্পনাৰ বাবে তিনিটা এপাৰ্টমেণ্ট ক্ৰয় কৰা হৈছিল। হিন্দী চলচ্চিত্ৰ জগতৰ অন্যতম আইকন হিচাপে গণ্য কৰা এজন কিংবদন্তি অভিনেতা আছিল দেৱ আনন্দ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments