ডিজিটেল ডেস্ক ANEWS24X7: আজি ৰাজ্যত অনুষ্ঠিত হৈছে চতুৰ্থ বৰ্গৰ নিযুক্তিৰ পৰীক্ষা । প্ৰথম ভাগত পুৱা ১০ বজাৰ পৰা ১২ বজালৈ আৰু দ্বিতীয় ভাগত আবেলি ২ বজাৰ পৰা ৪ বজালৈ এই পৰীক্ষা অনুষ্ঠিত হৈছে এই পৰীক্ষা । নিযুক্তি পৰীক্ষা তদৰক কৰিবৰ বাবে ৰঙিয়া ফাতিমা কনভেণ্টত উপস্থিত হয় আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত । ৰঙিয়াত উপস্থিত হৈ পৰীক্ষা কেন্দ্ৰৰ বুজ লয় আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তয় ৷ তেওঁৰ লগত উপস্থিত থাকে কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লী, কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ ৰয় । সঞ্চালক প্ৰধান গৰাকীৰ লগত উপস্থিত থাকে কামৰূপ গ্ৰাম্য জিলাৰ উপায়ুক্ত কীৰ্তি জল্লী আৰু কামৰূপজিলা আৰক্ষী অধীক্ষক হিতেশ ৰয় ৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে এই নিযুক্তি প্ৰক্ৰিয়া নিকা আৰু স্বচ্ছ কৰাৰ বাবে আৰক্ষীৰ ফালৰ পৰা যাবতীয় ব্যৱস্থা কৰাৰ লগতে কোনো ধৰণৰ ক্ৰুটি ৰৈ নাযায় তাৰ বাবে আৰক্ষীৰ ফালৰ পৰা সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ পৰীক্ষাৰ বাবে অসম চৰকাৰে জাৰি কৰা SOP মতে সকলো প্ৰক্ৰিয়া আছে ৷ এই কথা জানিব দিয়ে আসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তয় ৷