Wednesday, March 11, 2026
Homeঅসমজোনালী নাথৰ পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰিলে DGP জি পি সিঙে

জোনালী নাথৰ পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰিলে DGP জি পি সিঙে

ডিজিটেল ডেস্ক, ANEWS24X7: গোৱালপাৰা জিলা বিজেপিৰ সম্পাদিকা জোনালী নাথৰ হত্যাকাণ্ডৰ ঘটনাক লৈ সোমবাৰে এখন সংবাদমেলত অপৰাধ অনুসন্ধান শাখাৰ আই জি পি দেৱৰাজ উপাধ্যায়ে এয়া পৰকীয়া প্ৰেমৰ পৰিণতিত হোৱা হত্যাকাণ্ড বুলি উল্লেখ কৰাৰ পিছতে বিষয়টোক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল

নাথ–যোগী সংগঠনেও অপৰাধ অনুসন্ধান শাখাৰ আই জি পিৰ সংবাদমেলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। লগতে CID ৰ IGP দেৱৰাজ উপাধ্যায়ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল মৃত জোনালী নাথৰ স্বামী চন্দ্ৰ কুমাৰ নাথে। মৃতকৰ লগতে পৰিয়ালটোৰ সন্মান লাঘৱ কৰা মন্তব্যৰ বাবে গোচৰ ৰুজু কৰিছিল। IGP গৰাকীক শীঘ্ৰেই ক্ষমা খোজাৰ দাবী কৰিছিল পৰিয়ালটোৱে।

এই প্ৰতিক্ৰিয়াৰ পিছতে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে আজি জোনালী নাথৰ পৰিয়ালৰ ওচৰত ক্ষমা খোজে। তেওঁ কয়– ”কিছুমান কথা ৰাজহুৱাকৈ ক’ব নালাগে। এগৰাকী শীৰ্ষ বিষয়া হৈ তেনেকুৱা কথা ক’ব নালাগিছিল।” অসম আৰক্ষীৰ হৈ ক্ষমা বিচাৰি জোনালী নাথৰ পৰিয়ালক ফাষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া চলোৱাৰ বাবে ব্যৱস্থা কৰাৰ আশ্বাস প্ৰদান কৰে।

আনহাতে ধনৰ লেনদেন হোৱা বিষয়টোও তন্নতন্নকৈ চাবলৈ আৰু তদন্তৰ আওতালৈ আনিবলৈ গোৱালপাৰা SPক নিৰ্দেশ দিয়ে

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments