Wednesday, March 11, 2026
Homeঅসমমুখ্যমন্ত্ৰীৰ নিৰ্দেশত সোমবাৰে দিল্লীলৈ যাব DGP জিপি সিং

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সোমবাৰে দিল্লীলৈ যাব DGP জিপি সিং

ডিজিটেল ডেস্ক, ANEWS24X7: জোনমণি ৰাভাৰ মৃত্যুৰ CBI তদন্তক লৈ জটিলতা আহি পৰিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সোমবাৰে দিল্লীলৈ যাব DGP জিপি সিং। CBI সঞ্চালকৰ সৈতে জোনমণিৰ ঘটনা সন্দৰ্ভত কৰিব আলোচনা। গুৱাহাটীত এই মন্তব্য কৰে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানৰ । জোনমণি কাণ্ডৰ তদন্ত CBIক দিবলৈ ইতিমধ্যেই কেন্দ্ৰক প্ৰস্তাৱ দিছে ৰাজ্য চৰকাৰে।  কিন্তু তদন্তৰ দায়িত্ব CBI-য়ে এতিয়াও আনুষ্ঠানিকভাবে লোৱা নাই

উল্লেখ্য যে, নগাঁৱৰ মৰিকলং টাউন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাই জখলাবন্ধাত এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল। এই দুৰ্ঘটনাৰ পাছতেই তেওঁৰ মৃত্যুক লৈ সৃষ্টি হৈছিল ৰহস্যৰ। এই দুৰ্ঘটনা দুৰ্ঘটনা নহয় পৰিকল্পিত হত্যাকাণ্ড বুলি বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হোৱাৰ পিছতেই ৰহস্য আৱৰ্তত আছে সমগ্ৰ ঘটনা।

জোনমণিৰ পৰিয়ালে বিচাৰিছিল জোনমণিৰ মৃত্যুৰ তদন্ত CBIয়ে কৰক। প্ৰথমে এই ঘটনাৰ তদন্ত চিআইডিক অৰ্পণ কৰা হৈছিল। কিন্তু জোনমণিৰ পৰিয়ালে এই কথাত আপত্তি কৰিছিল আৰু ঘটনাৰ তদন্তৰ দায়িত্ব চিবিআইক দিয়াৰ দাবী তুলিছিল। তাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোচৰটো চিবিআইক হস্তান্তৰ কৰা হ’ব বুলি ঘোষণা কৰিছিল। কিন্তু আজি পৰ্যন্ত জোনমণিৰ মৃত্যুৰ গোচৰ চিবিআয়ে গ্ৰহণ কৰা নাই।

আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ ন্যায়িক তদন্তৰ দাবী জনাই ১২ টা বিৰোধী ৰাজনৈতিক দলৰ তৰফৰ পৰা ৰাজ্যপাল গুলাপচান্দ কাটাৰিয়াক শনিবাৰে স্মাৰক পত্ৰ প্ৰদান কৰে। এই দুৰ্ঘটনা দুৰ্ঘটনা নহয় পৰিকল্পিত হত্যাকাণ্ড বুলি বিভিন্ন মহলত বৰ্তমানেও প্ৰশ্ন উত্থাপন হোৱাৰ লগতেই ৰহস্য আৱৰ্তত আছে সমগ্ৰ ঘটনা।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments