ডিজিটেল ডেস্ক, anews24x7: ২০০৪ৰ ধেমাজি কাণ্ডৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত আজি চূড়ান্ত শুনানি সম্পন্ন হয়। শুনানি সম্পূৰ্ণ হয় যদিও ৰায়দান স্থগিত ৰাখে ন্যায়ালয়ে৷
২০০৪ৰ চনৰ ১৫ আগষ্টত স্বাধীনতা দিবসৰ অনুষ্ঠানত বোমা বিস্ফোৰণ সংঘটিত হৈছিল। যি ঘটনাত শিশুসহ অৰ্ধ শতাধিক লোক গুৰুতৰভাৱে আহত হৈছিল।
২০১৯ চনৰ ৪ জুলাইত ধেমাজি সত্ৰ ন্যায়াধীশৰ আদালতে সেই ঘটনাত ৬জন লোকক দোষী সাব্যস্ত কৰিছিল। সেই ৰায়দানক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ভুক্তভোগী।
