ধিং, ৯ডিছেম্বৰ: ধিঙত আৰক্ষীৰ গুলীচালনা। ব্ৰহ্মপুত্ৰৰ মুছলেম চাপৰিত গুলীচালনা আৰক্ষীৰ। গুলীবিদ্ধ হ’ল মাতব্বৰ আব্দুল ৰফিক। মুছলেম চাপৰিত দুই মাতব্বৰৰ মাজত হৈছিল ভূমিকেন্দ্ৰিক সংঘাত। দুটা ফৈদৰ মাজত হৈছিল সংঘৰ্ষ। আব্দুল ৰফিকৰ বাসগৃহলৈ গৈছিল শিঙৰী আৰক্ষীৰ দল।
আব্দুল ৰফিকে পলায়ন কৰোতে গুলীচালনা আৰক্ষীৰ। আব্দুল ৰফিকৰ মুখমণ্ডলত লাগিছে গুলী। আত্মগোপন কৰিছে গুলীবিদ্ধ আব্দুল ৰফিকে।
উল্লেখ্য যে শিঙৰী আৰক্ষীয়ে গুলীবৃদ্ধ লোকজনক কিয় গ্ৰেপ্তাৰ নকৰিলে সেয়া ৰহস্যৰ আৱৰ্তত। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব প্ৰকৃত ঘটনা। ৰহস্যজনক কাৰণত শিঙৰী আৰক্ষী মৌন বুলি অভিযোগ উঠিছে।