Tuesday, March 10, 2026
Homeঅসমশুদ্ধ জাতিগত প্ৰমান পত্ৰ বিষয়ক লৈ মুখ্যমন্ত্ৰীৰ লগত আলোচনা আছাৰ

শুদ্ধ জাতিগত প্ৰমান পত্ৰ বিষয়ক লৈ মুখ্যমন্ত্ৰীৰ লগত আলোচনা আছাৰ

জাতিগত প্ৰমাণপত্ৰ দাহ কৰা কাৰ্যসূচী স্থগিত ৰখাৰ সিদ্ধান্ত

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) ,আদিবাসী জানী শক্তি সংহতি,আৱা ৰ এক সজাতি দলে ৭ চেপ্তেম্বৰ জনতা ভৱণত মূখ্যমন্ত্ৰীৰ আমন্ত্ৰণ ক্ৰমে এক আলোচনাত মিলিত হয় ৷ দীৰ্ঘদিন আছাই ওৰাং মুণ্ডা চাওতাল কল ভীল কয়া চাওৰা চৱৰ হো আদি জাতি হিচাপে শুদ্ধ জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰাৰ দাবী জনাই ৰাজ্যজুৰি অশুদ্ধ জাতিগত প্ৰমাণপত্ৰ দাহ কায্যসূচী ৰূপায়ণ কৰি আহিছিল ৷

আছাৰ দাবীৰ প্ৰতি সহাৰি জনাই মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক ন্যায় বিভাগৰ উপস্থিতিত জাতি হিচাপে শুদ্ধ জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰাৰ সজাতি দলটোক আশ্বাস প্ৰদান কৰাৰ লগতে ১৮ চেপ্তেম্বৰত কেবিনেটত ঘোষণা কৰাৰ আশ্বাস প্ৰদান কৰে ৷ মূখ্যমন্ত্ৰী গৰাকী কাৰ্বিআলং লাহৰীজানত আদিবাসীৰ ওপৰত অত্যাচাৰ সম্পৰ্ক ব্যৱস্থা গ্ৰহণ কৰা,ষষ্ঠ অনুসূচীত আদিবাসী সকলে মাটিৰ অসুবিধা সমূহ পয্যায়ক্ৰমে সমাধান কৰা,ডিমা হাচাও জিলাৰ জাতিগত প্ৰমাণ পত্ৰ সমস্যাটো শীঘ্ৰে কায্যকৰি কৰা ,চাহ শ্ৰমিক সকলক শীঘ্ৰে ম্যাদী মাটি পট্ৰা প্ৰদানৰ ব্যৱস্থা কৰাৰ আশ্বাস প্ৰদান কৰে ৷

আদিবাসী সকলে দুইধৰণ জাতিগত প্ৰমাণপত্ৰ গ্ৰহণ থাকিব কোনোবাই OBC হিচাপে জাতিগত প্ৰমাণপত্ৰ ললে লব পাৰিব আৰু কোনোবাই TGL হিচাপে জাতিগত প্ৰমাণপত্ৰ লব বিচাৰিলে লব পাৰিব বুলি সজাতি দলটোক অৱগত কৰে ৷ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) মূখ্যমন্ত্ৰীৰ আশ্বাসৰ পিছতে জাতিগত প্ৰমাণপত্ৰ দাহ কায্যসূচী স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি আছা ৰ সভাপতি ৰেজান হৰো আৰু সাধাৰণ সম্পাদক দেবেন উৰাঙে এক প্ৰেছ বিবৃতি যোগে জানিবলৈ দিয়ে ৷

আছাৰ হৈ উপদেষ্টাদ্বয় ড°এডমণ্ড এন্দ্ৰ চাওৰা ,অনিল টপ্প উপ সভাপতি ৰাজু তিৰ্কী, চাক্ৰিয়াচ চৰেন ,বেনেডিক টপ্প .ডেভিদ তিৰ্কী ,ৰিছা মুণ্ডা. ইছাক লাক্ৰা .এলবাৰ্ট ওঢ়েয়া যুটীয়া সম্পাদক পুৰণ গঞ্জু, দীপক নাগ ,ৰুহান ভূমিজ, ৰবিৰাম বাস্কে .বিশাল কৰ্মকাৰ আদিবাসী জানী শক্তি সংহতিৰ সভানেত্ৰী মমী চাংগা ,উপ সভানেত্ৰী পুস্পা খৰা ,সম্পাদিকা জুৰিনা বিছু,যুটীয়া সম্পাদিকা ওজলা মুণ্ডা আৱা ওদালগুৰি জিলাৰ সভানেত্ৰী ক্ৰেচেচিয়া বাৰ্লা সম্পাদিকা ৰেখা বাৰলা উপস্থিত আছিল বুলি আছা ৰ সম্পাদক গৰাকী এক প্ৰেছ বিবৃতি যোগে জানিবলৈ দিয়ে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments