ধৰতী আবা জন-ভাগিদাৰী অভিযানৰ দ্বাৰা চৰকাৰী সুবিধা প্ৰদানৰ বিশেষ প্ৰয়াস
শদিয়া, ২৫ জুন: দূৰণীবতীয়া পিছপৰা অঞ্চলৰ জনজাতীয় ৰাইজক চৰকাৰী আঁচনিৰ সকলো সুবিধা প্ৰদানৰ বাবে যোৱা ১৫ জুনৰ পৰা আৰম্ভ হোৱা কেন্দ্ৰীয় চৰকাৰৰ ধৰতী আবা জন ভাগিদাৰী অভিযানৰ সৈতে সঙ্গতি ৰাখি আজিও তিনিচুকীয়া জিলাৰ কেবাখনো ভিতৰুৱা গাঁৱত সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
সেই অনুসৰি শদিয়া সম-জিলা তথা উন্নয়ন খণ্ডৰ অন্তৰ্গত হলোগাওঁ গাওঁ পঞ্চায়তৰ গড়গাঁও জনজাতি প্ৰাথমিক বিদ্যালয়ত, ছৈখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত হাহঁখাটি গাওঁ পঞ্চায়তৰ অন্তৰ্ভুক্ত উপৰ লাওপানী সমূহীয়া ভৱনত, তালাপ গাওঁ পঞ্চায়তৰ এৰাগাওঁ মুকলি মঞ্চ, ডিৰাক গাওঁ পঞ্চায়তৰ বৰডিৰাক হাইস্কুলত আৰু কাকপথাৰ গাওঁ পঞ্চায়তৰ কাৰ্যালয়ৰ সভাকক্ষত ধৰতী আবা জন-ভাগিদাৰী অভিযানৰ কাৰ্যসূচী অনুষ্ঠিত হয়। সভাত বিভিন্ন উন্নয়নী বিভাগৰ বিষয়া উপস্থিত থাকি ৰাইজক চৰকাৰৰ বিভিন্ন জনমুখী আঁচনিৰ সুবিধা কেনেদৰে গ্ৰহণ কৰিব সেই বিষয়ে বুজাই কয়।
এই উপলক্ষে সভাস্থলিত এদিনীয়া বিনামূলীয়া চিকিৎসা শিবিৰ আৰু আধাৰ সেৱা প্ৰদান কেন্দ্ৰ স্থাপন কৰা হয়। তদুপৰি, প্ৰধান মন্ত্ৰী জন আৰোগ্য যোজনাৰ কাৰ্ড বিতৰণ, যক্ষ্মা ৰোগৰ পৰীক্ষা, আভা অৰ্থাৎ আয়ুষ্মান ভাৰত পৰিচয় পত্ৰ প্ৰস্তুতি, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ দ্বাৰা উপযুক্ত নতুন হিতাধিকাৰীৰ পৰা ৰেচন কাৰ্ডৰ বাবে আবেদন পত্ৰ বা তথ্য সংগ্ৰহ, কৃষি বিভাগৰ দ্বাৰা নতুন হিতাধিকাৰীক পিএম কিষাণ আৰু কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদান, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা নতুন জব কাৰ্ড আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ বাবে আবেদন গ্ৰহণ তথা অনুমোদন আদি কামো ঠাইতে সম্পন্ন কৰা হয়।
উল্লেখযোগ্য যে, এই মাহ জোৰা কাৰ্যসূচীৰ অধীনত কালি শদিয়া সম-জিলা তথা উন্নয়ন খণ্ডৰ অন্তৰ্গত অম্বিকাপুৰ গাওঁ পঞ্চায়ত এলেকাৰ আদৰ্শ ৰুক্মিণী দেউৰী গাওঁ মুকলি মঞ্চ, ছৈখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত আৰাইমূৰীয়া গাওঁ পঞ্চায়তৰ আজুখা গাওঁ মুকলি মঞ্চ, ধোলা ধাদুম গাওঁ পঞ্চায়ত কাৰ্যালয়ৰ সভাকক্ষ, গাখীৰভেটি গাওঁ পঞ্চায়তৰ লাইনা গাওঁ মুকলি মঞ্চ, হাহঁখাটি গাওঁ পঞ্চায়তৰ মুলুক গাওঁ ক্লাব, আৰু মাইথং গাওঁ পঞ্চায়তৰ সৰু মাইথং মুকলি মঞ্চত আয়োজিত অনুৰূপ অনুষ্ঠানত স্থানীয় ৰাইজে ব্যাপক সঁহাৰি জনোৱা পৰিলক্ষিত হয়।
কাইলৈ দিনৰ ১১ বজাত শদিয়া সম-জিলাৰ অন্তৰ্গত ছৈখোৱা উন্নয়ন খণ্ডৰ হাহঁখাটি গাওঁ পঞ্চায়ত এলেকাৰ কচুধূপ বজালতলি সমূহীয়া ভৱনত, ডিৰাক গাওঁ পঞ্চায়তৰ চুমনি চাপৰি খেলপথাৰত আৰু ডুমডুমা সম-জিলা তথা উন্নয়ন খণ্ডৰ অন্তৰ্গত গাভৰুভেটি গাওঁ পঞ্চায়তৰ সোণাপুৰ দেউৰী গাঁৱত হ’ব বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে। সকলো কাৰ্যসূচীতে স্থানীয় ৰাইজৰ অংশগ্ৰহণ জিলা প্ৰশাসনৰ তৰফৰ পৰা কামনা কৰা হৈছে।