Wednesday, July 9, 2025
Homeঅসমদীপাৱলীৰ পোহৰে আন্ধাৰ নমাই আনিলে দুটা পৰিয়াললৈ

দীপাৱলীৰ পোহৰে আন্ধাৰ নমাই আনিলে দুটা পৰিয়াললৈ

ডিজিটেল ডেস্ক, ১নৱেম্বৰ: গাৰ নোম শিয়ৰি উঠা দুৰ্ঘটনা ঘটি গল গুৱাহাটীৰ খানাপাৰাত। দীপাৱলীৰ সময়। চৌদিশে পোহৰ। মনবোৰ উৎফুল্লিত। তাৰ মাজতে গুৱাহাটী জোকাৰি যোৱা, ৰাজ্যবাসীক কঁপাই তোলা এটা ঘটনা ঘটি গ’ল খানাপাৰাত।

দীপাৱলীৰ আনন্দ উপভোগ কৰিবলৈ গৈ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ মৰ্মান্তিক মৃত্যু গুৱাহাটীৰ খ্ৰীষ্টানবস্তিৰ শ্ৰীনগৰৰ দীপিত দে’ নামৰ যুৱকজনৰ লগতে কোকৰাঝাৰৰ ঝাড়াগুৰিৰ কনামিকা নাৰ্জাৰী নামৰ যুৱতীগৰাকীয়ে। এই দুৰ্ঘটনাত দীপিতৰ পিতৃয়ে কিনা দিয়া নতুন স্কৰপিঅ’ বাহনখন চূৰ্ণ-বিচূৰ্ণ হৈ পৰে।

মাজনিশা খানাপাৰাত সংঘটিত হয় এই শিহৰণকাৰী দুৰ্ঘটনাটো। ক’লা ৰঙৰ স্কৰপিঅ’খনত উঠি খানাপাৰাৰ দিশৰ পৰা আহি আছিল দীপিত আৰু কনামিকা। গাড়ীত আছিল নেহা বসুমতাৰী নামৰ আন এগৰাকী যুৱতী। দ্ৰুতবেগত অহা স্কৰপিঅ’খনে খানাপাৰাৰ ফুটব্ৰীজৰ সমীপতে এখন বগা ৰঙৰ স্কৰপিঅ’ক প্ৰচণ্ড খুন্দা মাৰে। তাৰ পিছতে নিয়ন্ত্ৰণ হেৰুৱাই ফুটব্ৰীজত উঠি যায় ক’লা ৰঙৰ স্কৰপিঅ’খন। ফুটব্ৰীজত উঠি গৈ পুনৰ বাগৰি পৰে বাহনখন। এই ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় দীপিত আৰু কনামিকাই। লগত থকা নেহা বসুমতাৰী আহত হয়। লগে লগে নেহাক ভৰ্তি কৰোৱা হয় জিএমচিএইচত।

ঘটনাৰ পাছতে কোকৰাঝাৰৰ কণামিকাৰ ঘৰখনত কান্দোনৰ ৰোল উঠিছে। দীপিতৰ পিতৃ-মাতৃ পৰিয়ালকো কোনেও বুজাব পৰা নাই। পাৰিবইবা কেনেকৈ। অসহনীয় এই ঘটনাৰ পাছত বহুত কথা ভাবিবলগীয়া, বুজিবলগীয়া আছে। বয়স, দ্ৰুতবেগ, মায়াময় নিশা, উৎসৱ, উদযাপন, ফূৰ্তি… এনেকৈ? প্ৰতিজন অভিভাৱকে বুজিব লাগিব। হয়তো বুজিব লাগিব উঠি অহাসকলেও। দুৰ্ঘটনা ঘটি গল দুয়ো গুছি গ’ল। কিন্তু মা-দেউতা, আত্মীয়ৰ, ভৱিষ্যত

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments