বসু দা আৰু নাই। এনেকৈয়ে বাৰু মানুহ গুচি যায়নে? শেষ শ্ৰদ্ধাঞ্জলী জনাই শোকত ভাগি পৰিল মুকুতা ,কমল তৰামাই। কান্দি কান্দি ক’লে
”আপুনি য’তে আছে কুশলে থাকক বসু দা”। বেহাৰবাৰী বসু দাক হেৰুৱাই শোকত ভাগি পৰিছে শিল্পী সমাজ । দৰ্শকক হহুৱাবলৈ আৰু বেহাৰবাৰীলৈ নাহে। আকৌ শ্বুটিংলৈ আহিম বুলি কৈ গুচি গ’ল বসু দা। ম্ৰিয়মান হৈ পৰিছে প্ৰতিজন কলাকুশলী।
বাক্সাৰ ঘৰখনত শেষ বিদায়ৰ সময়ত হিয়া ঢাকুৰি কান্দিলে ফাইলাৱ বসুমতাৰীৰ পত্নী আৰু পুত্ৰই।