ডিজিটেল ডেস্ক, ANEWS24X7: চুলি সৰা বন্ধ কৰিবলৈ আপুনি ইতিমধ্যে বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰিছে কিন্তু চুলি সৰা বন্ধ নহয়। প্ৰতিদিনে আপুনি চুলি সৰা বন্ধ কৰাৰ উপায় বিচাৰি আছে নেকি তেন্তে আপুনি জানে নে ইমান টকা খৰচ কৰি, চুলিত বহুতো সামগ্ৰী প্ৰয়োগ কৰে তথাপিএ লাভবান নহয় । ইয়াৰ পৰিৱৰ্তে, কিছুমান ঘৰুৱা প্ৰতিকাৰ আছে, যাৰ সহায়ত আপুনি চুলি সৰা বন্ধ কৰিব পাৰে ।
এতিয়া জানো আহক সৰা চুলি ৰোধৰ উপায়
১)শেৱালি ফুলৰ গুটি খুন্দি নাৰিকলৰ তেলত মিহলাই মূৰত সদায় ব্যৱহাৰ কৰিলে চুলি সৰা বন্ধ হ’ব।
২) শুকান আৰু ৰুক্ষ চুলিৰ বাবে কণ্ডিচনিং কৰক।
৩) তিল তেল আৰু নাৰিকলৰ তেলত মুৰ্গীৰ কণী এটা ভাঙি ভালকৈ ফেটি লওঁক তাৰ পিছত চুলিত ভালদৰে ঘঁহিব আৰু এইদৰে ৩০/৩৫ মিনিট ৰাখি কুহুমীয়া পানীৰে ধুই পেলাওঁক। তেনেকৈ কৰিল চুলি সৰা বন্ধ হ’ব ।
৪) নেমুটেঙাৰ ৰস আৰু আমলখিৰ ৰস একেলগ কৰি মূৰত ঘঁহিলে চুলি সৰা বন্ধ হয়।
৬) চুলি সৰি যোৱা ঠাইত নেমুটেঙাৰ ৰস নিয়মিত ঘঁহিলে চুলি গজিবলৈ আৰম্ভ কৰে আৰু সৰু পিয়াঁজ কাটি তাক পৰা ঠাইত ঘঁহিলেও চুলি গজাত সহায় হয়।
৭)ভিটামিন ‘বি কলপ্লেম’,‘চি’আৰু প্ৰ’টিনযুক্ত আহাৰ প্ৰচুৰ পৰিমাণে খাব লাগে।
৮) নিমপাতৰ ৰস আৰু পিয়াঁজৰ ৰস মিহলাই চুলিত লগালে ওকণি নোহোৱা হয় আৰু চুলি সৰাও বন্ধ হয়।
৮) আমলখিৰ ৰস আৰু গাজৰৰ ৰস মিহলাই চুলিত লগালে চুলি সৰা বন্ধ হ’ব আৰু চুলিকোচা ধুনীয়াও হ’ব।
৯) পিয়াঁজ পিহি চুলিত লগালে চুলি সৰা বন্ধ হয়।