ডিজিটেল ডেস্ক, Anews24×7: প্ৰবাদ আছে যে পৰশুৰামে মাতৃ হত্যা মহাপাপৰ পৰা মুক্তি পাবৰ বাবে ব্ৰহ্মকুণ্ডৰ পাৰ কাটি পাপৰ পৰা মুক্তি লাভ কৰিছিল । অৰুণাচল প্ৰদেশৰ লোহিত জিলাত অৱস্থিত এটা কুণ্ড হয়তো সকলোৰে চিনাকী এই কুণ্ডটো যিটো কুণ্ড পৰশুৰাম কুণ্ড হিচাপে পৰিচিত ।পৰশুৰাম কুণ্ড অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ এখন পাহাৰীয়া ঠাইত অৱস্থিত । পূৰ্বতে এই ঠাই খিনিৰ নাম আছিল দেৱপানী বা ব্ৰজকুণ্ড ।
পৰশুৰামৰ কাহিনী অনুসৰি পৰশুৰামৰ পিতৃৰ আদেশত নিজৰ মাতৃক নিজ হাতেৰেই কুঠাৰঘাত কৰাৰ পিছত মহাপাপত ভুগি নিজৰ হাতৰ কুঠাৰ এৰুৱাব পৰা নাছিল বহু বছৰলৈকে । বহুতো তীৰ্থ স্থান দৰ্শন কৰি ঘূৰি ফুৰিছিল অৱশেষত একান্ত ভাৱে ভগৱানক আৰাধনা কৰিবলৈ লয় । এই পাপৰ পৰা পৰিত্ৰান পাবলৈ উত্তৰ পূবৰ লোহিত জিলাত অৱস্থিত ব্ৰহ্মকুণ্ডৰ পাৰ কাটি বোঁৱতি জলধাৰলৈ বোঁৱাই দিয়াৰ পিছতেই পৰশুৰামৰ হাতৰ পৰা কুঠাৰ খন সৰি পৰিছিল আৰু তেতিয়াৰ পৰাই এই ঠাই খিনি পৰশুৰামকুণ্ড নামেৰে জনাজাত হৈ পৰে। লোক বিশ্বাস অনুসৰি পৰশুৰাম কুণ্ড সৃষ্টিৰ আৰত ভগৱান শ্ৰী কৃষ্ণৰ পঞ্চম অৱতাৰ বুলি ধাৰণা কৰা হয়
১৮৪০ চনত ইংৰাজ অভিযাত্ৰী ডেল্টনে লোহিত নদীৰ দক্ষিণ পাৰত প্ৰায় ৭০ ফুট দীঘল ৩০ ফুট বহল এই কুণ্ডটো আৱিষ্কাৰ কৰিছিল । তেজু চহৰৰ পৰা ২১ কিলোমিটাৰ পূবলৈ গলে পৰশুৰাম কুণ্ড পোৱা যায় আৰু লোহিত নদীৰ পাৰতেই এই মণ্দিৰটো অৱস্থিত ।
বিশেষকৈ এই অঞ্চলত মিছিমি,খামতি,চাংপো সকলে বাস কৰে । প্ৰতি বছৰে মাঘী পূৰ্ণিমাত এই ঠাইত মেলা বহে । গোটেই বছৰ জুৰি স্নান কৰিবলৈ ভক্তৰ সমাগম ঘটে।