ডিজিটেল ডেস্ক, ANEWS24X7: ওঁঠে আমাৰ মুখৰ সৌন্দৰ্য বৃদ্ধি কৰে ৷ শীতকালত বহুতৰে ওঁঠ ফাটে ৷ কাৰোবাৰ সকলো সময়তে ওঁঠ ফটা দেখা যায় ৷ এই সমস্যাটো খুব বেদনাদায়ক, লগতে ই আমাৰ মুখৰ সৌন্দৰ্যকো প্ৰভাৱিত কৰে ৷ সাধাৰণতে আমি শৰীৰৰ আন অংশসমূহকৈ ওঁঠৰ যতন কমকৈ লওঁ ৷ বতৰৰ প্ৰভাৱ অথবা কেতিয়াবা ওঁঠ কামুৰি থকাৰ অভ্যাসৰ বাবেও ওঁঠ ফাটিব পাৰে ৷ সময়ত উপযুক্তভাৱে প্ৰতিপালন নকৰিলে ওঁঠ ফাটি কেতিয়াবা তেজ ওলোৱাও দেখা যায় ৷
এতিয়া জানো আহক ফটা ওঁঠৰ পৰা কেনেদৰে পৰিত্ৰাণ পাব
১)এটা পাত্ৰত গাখীৰৰ সৈতে অলপ হালধি মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰি ফটা ওঁঠত লগাব লাগে ৷
২)মৌ অলপ আৰু ভেচলিন এটা পাত্ৰত মিহলি কৰি এটা মিশ্ৰণ তৈয়াৰ কৰি ল’ব লাগে ৷
৩) পাঁচ বা ছটা গোলাপৰ পাহি কেঁচা গাখীৰৰ সৈতে মিহলাই এটা মিশ্ৰণ প্ৰস্তুত কৰিব লাগালে ওঁঠফটাৰ পৰা লাভবান হব ৷
৪) ওঁঠৰ যত্ন ল’বলৈ পুষ্টিকাৰক খাদ্য গ্ৰহণ কৰিব লাগে।
৫) ওঁঠ কেতিয়াও দাঁতেৰে কামুৰিব নালাগে।
৬)ওঁঠত ৰাসায়নিক দ্ৰব্যমিহলি প্ৰশাধন সানিব নালাগে ৷
৭) সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা ওঁঠক সুৰক্ষা দিব লাগে ৷
৮)পৰ্যাপ্ত পৰিমাণে পানী আৰু ফলৰ ৰস খাৱাটো অত্যন্ত ভাল কথা ওঁঠৰ বাবে ।