Monday, July 7, 2025
Homeঅসমচিকিৎসকৰ গফিলতিৰ ভয়ংকৰ ঘটনা !

চিকিৎসকৰ গফিলতিৰ ভয়ংকৰ ঘটনা !

ডিজিটেল ডেস্ক, A NEWS 24X7: চিকিৎসকৰ গফিলতিৰ ফলত এইখন অসমতেই সংগঠিত হৈছে ভয়ংকৰ ঘটনা। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা বিসংগতিৰ ভয়ংকৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভুল চিকিৎসাৰ বলি দেৰগাঁৱৰ এটি শিশু। ৯ বছৰীয়া শিশুটিৰ সোঁভৰিত বিসংগতি থকাৰ বাবে উন্নত চিকিৎসাৰ বাবে আহিছিল JMCHলৈ। চিকিৎসকে শিশুটিক অসুস্থ ভৰিৰ পৰিৱৰ্তে সুস্থ ভৰিত কৰিলে অস্ত্ৰোপচাৰ।

পৰৱৰ্তীসময়ত পৰিয়ালৰ লোকে বিসংগতিৰ বিষয়ে দেখুৱাই দিলত শিশুটিৰ আনটো ভৰিটো সম্পন্ন কৰিলে অস্ত্ৰোপচাৰ। চিকিৎসকৰ ভুল চিকিৎসাৰ বাবেই দুৰ্ভোগ ভুগিছে শিশুটিয়ে। অস্ত্ৰোপচাৰ কৰা চিকিৎসকৰ বিৰুদ্ধে তদন্ত ঘোষণা JMCHৰ অধিক্ষক পূৰ্ণিমা বৰাৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments