Wednesday, March 11, 2026
Homeঅসমড° পীতাম্বৰ দেৱ গোস্বামীলৈ "কৃষ্ণানন্দ বঁটা ২০২৩"

ড° পীতাম্বৰ দেৱ গোস্বামীলৈ “কৃষ্ণানন্দ বঁটা ২০২৩”

ডিজিটেল ডেস্ক, ১৩ডিছেম্বৰ: মহাপুৰুষ শ্ৰীশ্ৰী কৃষ্ণানন্দ দেৱৰ ১২৮ সংখ্যক জন্মজয়ন্তী উপলক্ষে মাণিকপুৰ গোৱিন্দ ভৱন গীতা সত্ৰত “১২৮ সংখ্যক সাৰ্বভৌম গীতা জয়ন্তী মহোৎসৱ” উদযাপন কৰা হয়। এই মহোৎসৱত প্ৰতিবছৰৰ দৰে এইবাৰো প্ৰায় লক্ষাধিক ভক্তৰ সমাগম হয়।

অসম তথা উত্তৰবংগৰ মিলন ভূমি হিচাপে পৰিচিত গোৱিন্দ ভৱন গীতা সত্ৰত আজিৰ ধৰ্মালোচনী সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকে মাজলীৰ আউনিআটি সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামী, অসম সত্ৰ মহাসভাৰ কুসুম কুমাৰ মহন্ত, জীতেন্দ্ৰ প্ৰধানী, বজালী গোৱিন্দ ভৱন সত্ৰৰ সত্ৰাধিকাৰ কৰুনাকান্ত নাথ দেৱ, সুন্দৰীদিয়া সত্ৰৰ নিৰ্মল অধিকাৰী দেৱ, গোৱিন্দ ভৱন গীতা সত্ৰৰ সত্ৰাধিকাৰ বিজুলী মিত্ৰ, ডেকা সত্ৰাধিকাৰ কপিল দাস ,জলেশ্বৰ পাঠক দেৱ সহিতে বহুতো গন্য মান্য ব্যক্তি।

উল্লেখযোগ্য যে আজিৰ ধৰ্মালোচনী সভাতেই পৰম পূজ্য ড০ পীতাম্বৰ দেৱ গোস্বামী দেৱক প্ৰদান কৰা হয় ” কৃষ্ণানন্দ বঁটা ২০১৩ ” ……

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments