Thursday, March 12, 2026
Homeঅসমডাঃ তপন শইকীয়ালৈ ‘অসম বৈভৱ’ বঁটা, ৫গৰাকীলৈ ‘অসম সৌৰভ’ আৰু ১৫ গৰাকীলৈ...

ডাঃ তপন শইকীয়ালৈ ‘অসম বৈভৱ’ বঁটা, ৫গৰাকীলৈ ‘অসম সৌৰভ’ আৰু ১৫ গৰাকীলৈ ‘অসম গৌৰৱ’ বঁটা

ডিজিটেল ডেস্ক, ANEWS24X7: ৰাজ্য চৰকাৰে ঘোষণা কৰিলে অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ , অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা ৷ বুধবাৰে ৰাজ্যিক কেবিনেটৰ বৈঠকৰ অন্তত সংবাদমেল যোগে বঁটা পাপক সকলৰ নাম ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুসৰি অসম বৈভৱ বঁটা আগবঢ়োৱা হৈছে আন্তঃৰাষ্ট্ৰীয় কেন্সাৰ চিকিৎসক ডাঃ তপন শইকীয়ালৈ ৷ অসম সৌৰভ বঁটা অগবঢ়োৱা হৈছে কৃষ ৰয় , গীলবৰ্টছন ছাংমা , নয়নমণি শইকীয়া , বিনয় কুমাৰ শইকীয়া আৰু ডাঃ শশীধৰ ফুকনলৈ।

আনহাতে অসম গৌৰৱ বঁটা আগবঢ়োৱা হৈছে ধৃতিমালা ডেকা, ডাঃ দেৱজিৎ বৰ্মন, ৰূস্তম বসুমতাৰী, মাঞ্জেলা , বিনন্দ হাতীবৰুৱা , অতুল চন্দ্ৰ বৰুৱা, কল্যাণী ৰাজবংশী , শীলা গোৱালা , ডাঃ যোগেশ দেউৰী , পংকজলাল গগৈ, সৰ্বেশ্বৰ বসুমতাৰী, মানথাং মাৰ , ড০ ধ্ৰুৱজ্যোতি শৰ্মা , দয়াল গোস্বামী আৰু ছৈয়দ ইফতিকাৰ আহমেদলৈ।

অৱশ্যে বৰ্তমানলৈকে এই বঁটাসমূহ প্ৰদানৰ কোনো নিৰ্দিষ্ট দিন ঘোষণা কৰা হোৱা নাই ৷ কোনো এটা ভাল দিনত এই বঁটা সমূহ প্ৰদান কৰা হ’ব বুলি সংবাদ মেলত সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments