ডিজিটেল ডেস্ক, A NEWS 24×7: তিনিদিনীয়া কাৰ্য্যসূচীৰে অসমত উপস্থিত দেশৰ ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু। কাজিৰঙা গজ উৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি গৰাকীয়ে। ৰাষ্ট্ৰপতি মুৰ্মুৱে জীপ আৰু হাতী ছাফাৰীৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ মনোমোহা দৃশ্য উপভোগ কৰিব।
সেনা বাহিনীৰ হেলিকপ্টাৰেৰো আহি উপস্থিত বোকাখাতৰ হেলিপেডত। বোকাখাতৰ ৰাজহুৱা খেলপথাৰৰ অস্থায়ী হেলিপেডৰ পৰা কাজিৰঙা অভিমুখে ৰাওনা মহামহিম ৰাষ্ট্ৰপতিগৰাকী । ৰাষ্ট্ৰপতি গৰাকীক বোকাখাত ৰাজহুৱা খেলপথাৰত অভিবাদন জনাই মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, অজন্তা নেওগে। যোৰহাটৰ পৰা ৰাষ্ট্ৰপতি গৰাকীক সংগ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
কাজিৰঙা গজ উৎসৱ হৈছে হাতী সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰতি বছৰে আয়োজিত এক উৎসৱ। ৰাজ্যত বৃদ্ধি পোৱা মানুহ-হাতী সংঘাতৰ ওপৰত আলোকপাত আৰু সমাধানৰ উপায় বিচাৰি উলিওৱাৰ লক্ষ্যৰে বন বিভাগ আৰু পৰ্যটন বিভাগে যৌথভাৱে আয়োজন কৰিছে এই উৎসৱ।
বুধবাৰৰ পৰা আৰম্ভ হোৱা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্লেটিনাম জয়ন্তী উদযাপনতো অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি মুৰ্মুৱে। ৭ এপ্ৰিলত উচ্চ ন্যায়ালয়ৰ প্লেটিনাম জয়ন্তী উদযাপনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সৈতে ভাৰতৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ ধনঞ্জয় ৱাই চন্দ্ৰচুদেও অংশগ্ৰহণ কৰিব।