Thursday, November 7, 2024
Homeঅসমমহানগৰীৰ তাজ ভিভাণ্টাত ড্ৰীম ৱেভ ষ্টুডিঅ’ৰ মিউজিক ভিডিঅ’ মুকলি

মহানগৰীৰ তাজ ভিভাণ্টাত ড্ৰীম ৱেভ ষ্টুডিঅ’ৰ মিউজিক ভিডিঅ’ মুকলি

গুৱাহাটী, ২৫ মে’ ঃ শুকুৰবাৰে তাজ ভিভাণ্টাত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ড্ৰীম ৱেভ ষ্টুডিঅ’ প্ৰযোজিত দীপলীনা ডেকাৰ কণ্ঠৰ গীত ‘হালধীয়া পখিলা’ৰ শুভ মুক্তি দিয়া হয়৷ অসমীয়া চলচ্ছিত্ৰ আৰু সংগীত জগতত নকৈ ভূমুকি মৰা ‘ড্ৰীম ৱেভ ষ্টুডিঅ’ই অসমীয়া চলচ্ছিত্ৰ জগতত লৈছে কেবাটাও অভিলাষী আঁচনি৷ দুখনকৈ অসমীয়া চলচ্ছিত্ৰৰ পোষ্টাৰ মুকলিৰ পাছতে তেওঁলোকৰ প্ৰথমটো পৰিকল্পনাই সাকাৰ ৰূপ পায়৷

উল্লেখ্য যে “হালধীয়া পখিলা’’ গীতটি পৰিচালনা কৰিছে বনজ্যোতি কৌদিন্যই, কৰিঅ’গ্ৰাফী জিনী মহলীয়া আৰু গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে বলীউডৰ মডেল, প্ৰাক্তন মিছ ইণ্ডিয়া সোণাল শৰ্মাই৷ গীতটিৰ ভিডিঅ’ মুকলি কৰে প্ৰখ্যাত শিল্পী মণীষা হাজৰিকাই৷ তেওঁক সহযোগ কৰে নাট্যকৰ্মী পবিত্ৰ ৰাভা, জুবিন গাৰ্গ, সিদ্ধাৰ্থ গোস্বামী, প্ৰডাকচন হেড প্ৰণৱ কুমাৰ বৰ্মনে৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ আৰক্ষী বিষয়া পাৰ্থসাৰথি মহন্ত, মংগলদৈ জিলা আয়ুক্ত মুনিন্দ্ৰ নাথ নাটে, অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়া নৃপেন্দ্ৰ কলিতা, পংকজ চক্ৰৱৰ্তীকে আদি কৰি কেবাগৰাকী গণ্য-মান্য ব্যক্তি৷

উল্লেখ্য যে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বিহু হুচৰি, বাগৰুম্বা প্ৰদৰ্শনৰ লগতে গায়ক ৰবিয়ে জয়ন্ত হাজৰিকাৰ কেবাটাও গীত পৰিবেশন কৰে৷ গীতটিৰ শুভ মুক্তিৰ পাছতে অসমীয়া সাজপাৰৰ এক ফে(ন শ্ব’ প্ৰদৰ্শিত হয় য’ত মেখেলা চাদৰ পিন্ধি ৰেম্পত খোজ দিয়ে বলীউডৰ মডেল অভিনেত্ৰী সোণালিকা সাহাই৷ ফে(ন শ্ব’ৰ পৰিকল্পনা আছিল মেধা শইকীয়া, মেঘনা ৰায়মেধি আৰু টিকটিক আকাশ আজানৰ৷ চলচ্ছিত্ৰ আৰু বৌদ্ধিক জগতৰ শতাধিক বিশিষ্ট ব্যক্তিৰ উপস্থিত অসমীয়া সংস্কৃতিৰ প্ৰদৰ্শনে সকলোকে মোহিত কৰে৷ প্ৰযোজক বনজ্যোতি কৌদিন্যই পৰৱৰ্তী পৰিকল্পনাসমূহে যাতে সফলতাৰে বাস্তৱ ৰূপ পায় অসমীয়া সাংস্কৃতিক জগত নতুন গতি নতুন চেতনাৰে আগবঢ়াই নিব পাৰে তাৰ বাবে ৰাইজৰ আশিস বিচাৰে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments