ডিজিটেল ডেস্ক, ANEWES24X7: এইবাৰ যোৰহাটত এন্টি কৰাপচন এণ্ড ভিজিলেন্সৰ অভিযান ৷ উৎকোচ লৈ এইবাৰ গ্ৰেপ্তাৰ হ’ল চৰকাৰী বিষয়া ৷ উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত হাতে লোটে ধৰা পৰিল ঔষধ পৰিদৰ্শক ৷
এজন ব্যক্তিৰ পৰা ফাৰ্মাচী খোলাৰ অনুমতি পত্ৰ প্ৰদানৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ হ’ল ঔষধ পৰিদৰ্শক জহ্নৱী কলিতা ৷
যোৰহাটৰ নআলিত থকা জ্যেষ্ঠ ঔষধ পৰিদৰ্শকৰ কৰ্যালায়ত দুৰ্নীতি নিবাৰক শাখাই চলাইছিল এই অভিযান ৷ দুৰ্নীতি নিবাৰক শাখাই বৰ্তমান পৰিদৰ্শক গৰাকীক সোধপোচ অব্যাহত ৰখাইছে ৷ উল্লেখ্য যে জাহ্নৱী কলিতা ঔষধ পৰিদৰ্শক হিচাপে যোৰহাটত প্ৰথম চাকৰিত যোগদান কৰিছিল।