গোলাঘাট, ১আগষ্ট: এক গোপন সুত্ৰৰ পম খেদি আজি গোলাঘাটৰ গুলামপট্টি অঞ্চলত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ মাইনা আলি নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয়।
গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে গুলামপট্টি অঞ্চলত চাৰিজনীয়া এটা ড্ৰাগছ সৰবৰাহকাৰীৰ দলে ড্ৰাগছ সৰবৰাহ কৰাৰ চেষ্টা কৰোতে বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ মাইনা আলি নামৰ এজন লোকক আটক কৰিবলৈ সক্ষম হয় যদিও বাকী তিনিজনৰ দুজন মটৰচাইকেল আৰু এজনে এন্ধাৰৰ সুযোগ লৈ প্ৰথাৰে প্ৰথাৰে পলায়ন কৰিবলৈ সক্ষম হয়।
পলায়ন কৰি তিনিজনলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলী চালনা কৰে যদিও বিফল হয় আৰক্ষী। ইফালে জব্দ কৰা ড্ৰাগছ খিনিৰ ওজন ১০.২৪ গ্ৰাম আৰু ইয়াৰ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ মুল্য কেইবালাখ টকা হ’ব বুলি জানিব পৰা গৈছে। সৰবৰাহকাৰীয়ে উক্ত ড্ৰাগছ খিনি চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা আনিছে বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে।
স্থানীয় ৰাইজে ড্ৰাগছৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীয়ে লোৱা এনে পদক্ষেপৰ বাবে ধন্যবাদ জনোৱাৰ লগতে অনাগত দিনত উঠি অহা যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া এনে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ প্ৰদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।