Tuesday, March 10, 2026
Homeঅসমজুবিন ক্ষেত্ৰত একাংশ সুৰাসক্ত লোকৰ উদ্ভণ্ডালি

জুবিন ক্ষেত্ৰত একাংশ সুৰাসক্ত লোকৰ উদ্ভণ্ডালি

সোণাপুৰৰ জুবিন ক্ষেত্ৰত নিশ ভয়ংকৰৰ ঘটনা। জুবিন ক্ষেত্ৰত একাংশ সুৰাসক্ত লোকৰ উদ্ভণ্ডালি। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যোৱা আৰক্ষীকো আক্ৰমণ কৰে সুৰাসক্ত একাংশই।

অভিযোগ অনুসৰি মহিলা আৰক্ষী কনিষ্টবলকে ধৰি যানবাহনৰ আৰক্ষীৰ একাংশ অশালীন ব্যৱহাৰ কৰে সুৰাসক্ত যুৱকে। আহত বিষ্ণু দৈমাৰী আৰু বিকাশ দৈমাৰী নামৰ দুই জোৱান।ইতিমধ্যে সোণাপুৰ আৰক্ষীৰ জালত পৰিছে পৱিত্ৰ জুবিনক্ষেত্ৰত উদ্ভাণ্ডালি কৰা তিনি যুৱক। আটট কৰা ৩ যুৱক ক্ৰমে দক্ষিণ শালমাৰা জিলাৰ ফুলবাৰী গাঁৱৰ আলম আলী, শুৱালকুছিৰ দুই যুৱক মুকুট দাস আৰু ৰঞ্জন দাস৷ ইতিমধ্যে সোণাপুৰ আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

পৱিত্ৰ জুবিনক্ষেত্ৰত সংঘটিত হোৱা এই ভয়ংকৰ ঘটনাৰ পিছতে স্তম্ভিত হৈ পৰিছে সকলো। পূৰ্বেও জুবিনক্ষেত্ৰত একাংশ সুৰামত্ত লোকে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিছিল। জুবিনক্ষেত্ৰত একাংশই সুৰাপান কৰি থকা দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments