Tuesday, July 8, 2025
Homeঅসমকামৰূপ মহানগৰ জিলাত ড্ৰাই ডে' ঘোষণা

কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে’ ঘোষণা

ডিজিটেল ডেস্ক, ৪ মে’:  অহা ৭ মে’ ত অনুষ্ঠিত হ’ব লগা ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা আয়ুক্তই ৫ মে’ৰ আবেলি ৫ বজাৰ পৰা ৭ মে’ৰ আবেলি ৫ বজালৈ কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে’ ঘোষণা কৰিছে।

এই সময়ছোৱাত জিলাখনত সুৰা সেৱন, সৰবৰাহ তথা ক্ৰয়-বিক্ৰয় সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।

লগতে কামৰূপ মহানগৰ জিলা আয়ুক্তই সকলো ধৰণৰ সুৰাৰ পাইকাৰী আৰু খুচুৰা বিপনী, বাৰ আদি বন্ধ ৰখাৰো নিৰ্দেশ জাৰি কৰিছে ।

কোনো ব্যক্তি অথবা প্ৰতিষ্ঠানে উল্লেখিত নিয়ম ভংগ কৰিলে জনপ্ৰতিনিধি আইন, ১৯৫১ ৰ ১৩৫(গ) ধাৰা তথা আবকাৰী আইনৰ অধীনত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি নিৰ্দেশত উল্লেখ কৰিছে।

উল্লেখযোগ্য যে ৪ জুনৰ ভোটগণনাৰ দিনা খনো কামৰূপ মহানগৰ জিলাত জিলা প্ৰশাসনে ড্ৰাই ডে’ ঘোষণা কৰিছে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments