Monday, July 7, 2025
Homeঅসমৰাজ্য চৰকাৰে আজি ডিএচপি পদত কাক প্ৰদান কৰিলে নিযুক্তি ?

ৰাজ্য চৰকাৰে আজি ডিএচপি পদত কাক প্ৰদান কৰিলে নিযুক্তি ?

ডিজিটেল ডেস্ক ANEWS24X7: কমনৱেল্থ গেমছত স্বৰ্ণপদক অৰ্জন কৰি দেশৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল সৰুপথাৰৰ নয়নমনি শইকীয়া ৷ অসম গৌৰৱ নয়নমনি শইকীয়াক এইবাৰ বিশেষভাবে পুৰস্কিত কৰিছে অসম চৰকাৰে ৷ শনিবাৰে ক্ৰীড়া পেঞ্চন দিৱস উপলক্ষে জনতা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত অসম গৌৰৱ নয়নমনি শইকীয়াক অসম চৰকাৰে ডিএছপি পদৰ নিযুক্তি প্ৰদান কৰে । মখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত উপ–আৰক্ষী অধীক্ষক পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰে নয়নমণি শইকীয়াক ।

ইয়াৰ লগে অসম ক্ৰীড়া নীতিৰ অধীনত অসম চৰকাৰৰ তৰফৰ পৰা নয়নমনি শইকীয়াক ৫০ লাখ টকাৰ চেক প্ৰদান কৰা হয় । আনহাতে একেটা অনুষ্ঠানতে ৰাজ্যৰ গৰাকী খেলুৱৈক ক্ৰীড়া পেঞ্চন প্ৰদান কৰাৰ লগতে ৪ গৰাকী সৰ্বশ্ৰেষ্ঠ এনচিচি কেডেটক প্ৰদান কৰে বীৰ চিলাৰায় বঁটা ৷ ক্ৰীড়া পেঞ্চন লাভকৰা খেলুৱৈ সকল হৈছে অমৃত কান্তা সিংহ, নতুন সিনহা, ৰঞ্জিত ৰাজকুমাৰ, মৌচুমী ভূঞা, শ্যামলিনি দেৱী, ৰজনী দেউৰী, মনিকংকনা দত্ত বৰুৱা আৰু পল্লৱী দত্ত বৰুৱা ৷

ক্ৰীড়া পেঞ্চন দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে , ৰাজ্যৰ ক্ৰীড়াবিদসকলৰ সুবিধাৰ্থে আমাৰ চৰকাৰে বিগত সময়ছোৱাত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছো ।ৰাজ্যত কেইবাখনো অত্যাধুনিক ষ্টেডিয়াম নিৰ্মাণ, খেলো ইণ্ডিয়া কেন্দ্ৰ নিৰ্মাণ, ৫২টা সমষ্টিত ক্ৰীড়া আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে ১২ কোটিকৈ টকা, গেমছ ভিলেজ নিৰ্মাণ , উচ্চ পাৰদৰ্শিতা কেন্দ্ৰ নিৰ্মাণ, আৱাসিক কোৱাৰ্টাৰ নিৰ্মাণ আৰু থলুৱা ক্ৰীড়া সমাৰোহৰ আয়োজনকে ধৰি বিভিন্ন দিশত আমাৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছো।

উল্লেখ্য যে , উক্ত অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্ৰী পীযুষ হাজৰীকা আৰু উৰ্খাও গৌৰা ব্ৰহ্ম, মুখ্য সচিব শ্ৰীপৱন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালকপ্ৰধান শ্ৰীভাস্কৰ জ্যোতি মহন্ত উপস্থিত থাকে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments