Monday, April 28, 2025
Homeঅসমকংগ্ৰেছৰ দিনত আমাক পঞ্চামৃত খুৱাইছিল

কংগ্ৰেছৰ দিনত আমাক পঞ্চামৃত খুৱাইছিল

মৰাণৰ পৰা নিদান পূৰ্তি:

” কংগ্ৰেছৰ দিনত আমাক পঞ্চামৃত খুৱাইছিল। কংগ্ৰেছৰ দিনত ৰাইজক মাত্ৰ কেৱল লুঙি, ধূতি , সূঁতা, কম্বল আৰু আঁঠুৱা দিয়া হৈছিল। ” এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। ডিব্ৰুগড় জিলাৰ টিংখাঙত এক প্ৰচাৰ সভাত অংশগ্ৰহন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছ দলৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে।
দেওবাৰে বিকাশৰ বাৰ্তা লৈ টিংখাঙত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা ” বিজয় সংকল্প সমাবেশ ” ত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকী। ডিব্ৰুগড় জিলাৰ টিংখাং , খোৱাং , নাহৰকটীয়া, দুলীয়াজান সমষ্টিক সামৰি অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ড০ হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সকলৰ হৈ
উপস্থিত  প্ৰায় ৩০ হাজাৰ ৰাইজক সম্বোধন কৰে।
সভাত কংগ্ৰেছ চৰকাৰৰ দিনত চাকৰি প্ৰদানৰ নামত ভয়ংকৰ দুৰ্নীতি সংঘটিত হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে বিজেপি চৰকাৰৰ দিনত স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰদান কৰাৰ কথা উল্লেখ কৰে। কংগ্ৰেছ চৰকাৰৰ দিনত উন্নয়নৰ নামত কেৱল সূঁতা কম্বলৰ ৰাজনীতি হৈছিল বুলি উল্লেখ কৰি বিজেপি চৰকাৰৰ দিনত ৰাস্তা-ঘাট , দলং- উৰণীয়া সেঁতু , স্বাস্থ্য , শিক্ষা আদি প্ৰতিটো ক্ষেত্ৰতে বিপুল উন্নয়ন হোৱা বুলি ৰাইজৰ আগত মত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। আনহাতে ১ অক্টোবৰৰ পৰা গেছ চিলিণ্ডাৰৰ দাম ৬০০ টকা আৰু উজ্জ্বালা যোজনাৰ চিলিণ্ডাৰৰ দাম ২৫০ টকা হ’ব বুলি উপস্থিত ৰাইজৰ আগত প্ৰতিশ্ৰুতি প্ৰদান কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই।
উক্ত সভাত ৰাজ্য সভাৰ সাংসদ ৰামেশ্বৰ তেলী, মন্ত্ৰী বিমল বৰা, মন্ত্ৰী প্ৰশান্ত ফুকন, মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ উপস্থিত থাকে।

ইফালে, সংবাদ মাধ্যমৰ আগত গৌৰৱ গগৈ সন্দৰ্ভত তীক্ষ্ণ বাক্যবান মাৰে ড০ হিমন্ত বিশ্ব শৰ্মাই । পাকিস্থানত গৌৰৱ গগৈ ১৫ দিন থকাটো সচানে মিছা ? নামাজ পঢ়িবলৈ ভাৰতত শিকিলেনে পাকিস্থানত শিকিলে ?
এজন সংসদৰ পত্নীয়ে চাকৰি কৰে দিল্লীত, দৰমহা দিয়ে পাকিস্থানে । পাকিস্থানৰ এজেন্ট হব লাগিবনে নাই ?
তৰুণ গগৈৰ নাতিনিয়েক দুটিক ভাৰতৰ নাগৰিক কৰা হৈছে নে আন দেশৰ নাগৰিক কৰা হৈছে ?
যেতিয়া মোৰ লৰাক সময় দিলে গৌৰৱ গগৈৰ ঘৰলৈ পঠাই দিম বুলি কয় ড০ হিমন্ত বিশ্ব শৰ্মাই ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments