ডিজিটেল ডেস্ক, ANEWS24X7: আজি মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিলে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে। আজি দ্ৰৌপদী মুৰ্মুৱে শপত বাক্য পাঠ কৰায় ডি ৱাই চন্দ্ৰচূড়েক। আজিৰ পৰা তেওঁ হ’ল দেশৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ।
উল্লেখ্য যে, তেওঁ ২০০০ চনৰ ২৯ মাৰ্চৰ পৰা ২০১৩ চনৰ ৩১ অক্টোবৰলৈ বোম্বাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল। লগতে ২০১৬ চনৰ ১৩ মে’ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল।
উল্লেখ্য যে, কেইবাটাও সাংবিধানিক বিচাৰপীঠ আৰু উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠৰ অংশ আছিল ন্যায়াধীশ চন্দ্ৰচূড়। ঐতিহাসিক ৰায় প্ৰদানৰ লগতো জড়িত আছিল ন্যায়াধীশ চন্দ্ৰচূড়