ডিজিটেল ডেস্ক, ANEWS24X7: চীনত প্ৰকৃতিৰ ভয়াবহ ৰূপ ৷ সোমবাৰে দক্ষিণ-পশ্চিম চীনৰ চিচুয়ান প্ৰদেশত ৬.৬ প্ৰাবল্যৰ এক শক্তিশালী ভূমিকম্প অনুভৱ কৰা হয় ৷ এই ভূমিম্পটো ইমানে ভয়াবহ আছিল যে ইয়াৰ ফলত ২১ জন লোকৰ মৃত্যু হয় ৷
চীনৰ স্থানীয় সময় অনুসৰি দুপৰীয়া ১ বজাত অহা এই ভূমিকম্পৰ ফলত কেইবাটাও শক্তি প্ৰকল্প ক্ষতিগ্ৰস্থ হোৱাৰ লগতে বহুটো ঘৰ খহি পৰে ৷ ইয়াৰ ওপৰিও অঞ্চলটোত দূৰসংযোগো ব্যৱস্থাও বন্ধ হৈ পৰে ৷
চীনৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি এতিয়াও বহু লোক সন্ধানহীন হৈ আছে ৷ এই ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল চিচুয়ানৰ পাহাৰীয়া অঞ্চল লুডিং ।
যদিও এই ভূমিকম্পৰ কেন্দ্ৰস্থল লুডিং আছিল তথাপিও ইয়াৰ প্ৰভাৱ ২২৬ কিলোমিটাৰ দূৰত থকা চিচুয়ানৰ ৰাজধানী চেংডু আৰু ইয়াৰ কাষৰ বৃহৎ চহৰ চংকিংতো বহু ঘৰ ক্ষতিগ্ৰস্ত হৈছে।