ডিজিটেল ডেস্ক,৯ছেপ্তেম্বৰ:মৰক্কোত সংঘটিত হোৱা প্ৰবল ভূমিকম্পৰ পিছত ৬৩২ জন লোকৰ মৃত্যু আৰু ৩২৯ জন লোক আহত হয় ।শনিবাৰে নিশা মৰক্কোৰ হাই এটলাছ পৰ্বতত সংঘটি্ত হয় প্ৰৱল ভূমিকম্পটো( earthquake-in-morocco-kills-at-least-632-people) ।
এই শক্তিশালী ভূমিকম্পই কঁপাই তোলাৰ ফলত কমেও ৬৩২ জন লোকৰ মৃত্যু হয় আৰু কেইবাটাও অট্টালিকা ধ্বংস হোৱাৰ লগতে ডাঙৰ চহৰৰ বাসিন্দাসকলৰ মাজত ব্যাপক আতংকৰ সৃষ্টি হয় বুলি জানিব পৰা গৈছে ।শনিবাৰে স্বৰাজ মন্ত্ৰালয়ে নিশ্চিত কৰিছে যে মধ্য মৰক্কোত ৬.৮ ৰিখটাৰ স্কেলৰ তীব্ৰ ভূমিকম্পটো হয়।
আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি, মাৰাকেছৰ পৰা ৭১ কিলোমিটাৰ দক্ষিণ-পশ্চিমে অৱস্থিত হাই এটলাছ পৰ্বতমালাত ১৮.৫ কিলোমিটাৰ গভীৰতাত এই ভয়ংকৰ কেন্দ্ৰ আছিল বুলি এক বিবিতৃৰ অনুসৰি জানিব পৰা গৈছে ।