ডিজিটেল ডেস্ক, Anews24×7: ভুমিকম্পই কঁপাই গ’ল তুৰস্ক। বুধবাৰে পুৱতিনিশা ভয়াবহ ভূমিকম্পই কঁপাই তুলিলে তুৰস্ক। তুৰস্কৰ পশ্চিম অঞ্চলত অনুভুত হয় জোকাৰণি। এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৬।
এই কথা জনাইছে ইউৰোপিয়ান মেডিটাৰেনিয়ান ছিছম’লজিকেল চেণ্টাৰে। তুৰস্কৰ দুজকে চহৰত ভূমিকম্পৰ তীব্ৰতা আৰু প্ৰভাৱ আটাইতকৈ বেছি আছিল।
এই কম্পন অনুভূত হয় ইস্তানবুল আৰু আংকাৰা চহৰতো।