ডিজিটেল ডেস্ক, anews24x7: এক সুখবৰ গুৱাহাটী ৰে’ল ষ্টেচনে ‘ইট ৰাইট ষ্টেচন’ প্ৰমাণপত্ৰ লাভ কৰিছে। যাত্ৰীসকলক উচ্চ মানদণ্ডৰ, পুষ্টিকৰ খাদ্য প্ৰদান কৰাৰ স্বীকৃতিস্বৰূপে FSSAIৰ দ্বাৰা ৰে’ল ষ্টেচনটোক এই প্ৰমাণপত্ৰ প্ৰদান ।

ষ্টেচনটোৱে FSSAI-ৰ দ্বাৰা স্থাপিত নিৰ্দেশনাৱলীসমূহৰ ওপৰত এই যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই মৰ্যাদা লাভ কৰা উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ প্ৰথম ৰে’ল ষ্টেচন হিচাপে পৰিগণিত হৈছে গুৱাহাটী ৰে’ল ষ্টেচন। ইপিনে এই প্ৰমাণপত্ৰখন ২ জুন, ২০২৩ ৰ পৰা ২০২৫ৰ ২ জুনলৈকে প্ৰদান কৰা হৈছে।

আনপিনে যাত্ৰীসকলক সুৰক্ষিত আৰু স্বাস্থ্যকৰ খাদ্য নিশ্চিত কৰাৰ প্ৰচেষ্টাৰে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই ভৱিষ্যতে আন কেইবাটাও ষ্টেচনক যোগ্যতা অৰ্জনৰ বাবে সাজু কৰাইছে। এই ষ্টেচনসমূহৰ ভিতৰত ৰঙিয়া, লামডিং, তিনিচুকীয়া, আলিপুৰদুৱাৰ জংচন আৰু কাটিহাৰ অন্যতম।
