ডিজিটেল ডেস্ক, anws24x7: শোণিতপুৰ জিলাত দুখনকৈ বিদ্যালয়ৰ শুভাৰম্ভণি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দুমাহৰ ভিতৰত আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক চিৰিয়াখানা দেখুওৱাৰো প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীয়ে। আজি দিনজোৰা কাৰ্য্সূচীৰে শোণিতপুৰ জিলাত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ইপিনে ঢেকীয়াজুলি ৰঙাপৰা আৰু বিশ্বনাথ সমষ্টিত আজি কেইবাটাও কাৰ্যসূচী লৈ উপস্থিত মুখ্যমন্ত্ৰী।
আনহাতে ৰঙাপৰা সমষ্টিৰ আদাবাৰী চাহ বাগিছা আৰু সোনাবিল চাহ বাগিছাত দুখনকৈ আদৰ্শ বিদ্যায়লৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে চাহ বাগিছাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ৰঙাপৰা সমষ্টিত ইতিমধ্যে ৩খনকৈ আদৰ্শ বিদ্যালয় স্থাপন কৰাৰ পাছত আজি পুনৰ দুখনকৈ বিদ্যালয়ৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে ।
আদাবাৰী আদৰ্শ বিদ্যালয়খন শুভাৰম্ভ কৰি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মধ্যাহ্ন ভোজনো গ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মধ্যাহ্ন ভোজন গ্ৰহণ কৰি থকা সময়তে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক অহা দুমাহৰ ভিতৰত চিৰিয়াখানা দেখুৱাবলৈ নিয়াৰো প্ৰতিশ্ৰুতি দিয়ে।
এই শুভাৰম্ভণি অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে মন্ত্ৰী অশোক সিংঘাল,সাংসদ পল্লৱলোচন দাস, ৰঙাপৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে।
