Thursday, November 7, 2024
Homeঅৰ্থনীতিতীব্ৰ আৰ্থিক সংকটত আফগানিস্তান , বন্ধ কৰি দিয়া হৈছে অনলাইন সেৱা

তীব্ৰ আৰ্থিক সংকটত আফগানিস্তান , বন্ধ কৰি দিয়া হৈছে অনলাইন সেৱা

ডিজিটেল ডেস্ক, ANEWS24X7: তীব্ৰ অৰ্থনৈতিক সংকটত আফগানিস্তান ৷ পৰিস্থিতি ইমানে জতিল হৈছে যে অনলাইন সামগ্ৰী সেৱা আগবঢ়াই অহা কোম্পানী সমূহে বন্ধ কৰিছে সেৱা । শেহতীয়াকৈ দেশখনৰ দুটা আগশাৰীৰ কোম্পানী খামা প্ৰেছ আৰু ক্লিক এএফে বন্ধ কৰিছে সেৱা । বিশেষকৈ তালিবানে আফগানিস্তানৰ শাসনভাৰ নিয়ন্ত্ৰণলৈ নিয়াৰ পিছৰে পৰা অনলাই সামগ্ৰী ক্ৰয় ক্ষেত্ৰত ব্যাপক প্ৰভাৱ পৰিছে ।

আফগানিস্তানত তালিবানৰ শাসন চলাৰ পিছৰে পৰা দেশখনত ব্যাপক হাৰত খৰ্ব হৈছে

মহিলাৰ অধিকাৰ । বিশেষকৈ অনলাইন সামগ্ৰী ক্ৰয় ক্ষেত্ৰত মহিলা সকলৰ বিশেষ অৱদান আছে । কিন্তু তালিবানৰ শাসনৰ পিছৰে পৰা এক প্ৰকাৰে হ্ৰাস পাইছে অনলাইন চপিং ।

ক্লিকএফে সেৱা বন্ধ কৰা সন্দৰ্ভত কোম্পানীটোৰ মুৰব্বী ষ্টানেকজাই কয় যে ,‘‘ বিত্তীয় কাৰণত তেওঁলোকে সেৱা বন্ধ কৰিবলৈ বাধ্য হৈছিল । আশা কৰো যে অতি শীঘ্ৰে পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘুৰি আহিব ।’’ উল্লেখ যে , ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদন অনুসৰি বিশ্বৰ অসন্তুষ্ট দেশসমূহৰ তালিকাৰ শীৰ্ষত আছে আফগানিস্তান ৷ ইয়াৰ ওপৰিও দেশখনত প্ৰায় ২৫ নিযুত লোক অত্যাধিক দৰিদ্ৰতাৰ কৱলত আছে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments