Friday, November 8, 2024
Homeৰাজনৈতিকঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনলৈ ইডিৰ চমন

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনলৈ ইডিৰ চমন

ডিজিটেল ডেস্ক, ANEWS24X7: ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনলৈ ইডিৰ চমন ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক ইডিৰ ৰাঁচীৰ কাৰ্যালয়ত ব্যক্তিগতভাৱে উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছে ৷ ঝাৰখণ্ডৰ খনি-দুৰ্নীতি গোচৰ সন্দৰ্ভত ইডিয়ে তলৱ কৰিছে হেমন্ত সোৰেনক ৷

ছেপ্টেম্বৰ মাহত হেমন্ত সোৰেন নেতৃত্বাধীন ঝাৰখণ্ড চৰকাৰে বৃহৎ ৰাজনৈতিক সংকট অতিক্ৰম কৰিছিল ৷ ৰাজনৈতিক সংকট দূৰ কৰিবলৈ ৩১ জন বিধায়কক ৰাজ্যৰ পৰা স্থানান্তৰ কৰিবলৈ বাধ্য হৈছিল ৷ আশংকা কৰা হৈছিল এই সকল বিধায়ক সকলক বিত্তীয় প্ৰলোভন আৰু অন্যান্য বিষয়ত হেঁচা প্ৰদান কৰি ক্ৰয় কৰিবলৈ চেষ্টা কৰা হৈছিল ৷

মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ বিশেষ তৎপৰতাত আৰু সঠিক সময়ত লোৱা সঠিক সিদ্ধান্তৰ ফলত ঝাৰখণ্ডৰ এই ৰাজনৈতিক সংকট দূৰ হৈছিল ৷ সেই সময়তে মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ বিৰুদ্ধে ৰাঁচী উচ্চ ন্যায়ালয়ত দুৰ্নীতি সম্পৰ্কীয় দুটা ৰাজহুৱা স্বাৰ্থ জনিত গোচৰ দাখিল কৰা হৈছিল ৷ ইডিয়ে এই দুটা গোচৰৰ অনুসন্ধান আৰম্ভ কৰিছে ৷ এই দুটা গোচৰৰ ভিত্তিতে ইডিয়ে মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক তলৱ কৰিছে ৷

উল্লেখ্য যে কেন্দ্ৰৰ বিজেপি চৰকাৰৰ নিৰ্দেশতে অবিজেপি চৰকাৰ থকা ৰাজ্যসমূহত ইডি আৰু চিবিআইৰ দৰে কেন্দ্ৰীয় সংস্থা সমূহ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ এই তালিকাত পূৰ্বতে পশ্চিমবংগ , দিল্লী আৰু কেৰেলা আছিল ৷ নতুনকৈ ঝাৰখণ্ডৰ নাম সংযোজিত হৈছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments