ডিজিটেল ডেস্ক, ANEWS24X7: জনপ্ৰিয় অভিনেত্ৰী ৰাকুল প্ৰীত সিঙলৈ প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিৰ চমন ৷ ড্ৰাগছ সৰবৰাহৰ গোচৰৰ লগতে বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ সন্দৰ্ভত ইডিয়ে মাতি পঠিয়াইছে অভিনেত্ৰীগৰাকীক ৷
সূত্ৰৰ খবৰ অনুসৰি কেৱল ৰাকুল প্ৰীতকে নহয় দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগৰ কেইবাগৰাকী তাৰকাকো জেৰা কৰা সম্ভাৱনা আছে ৷
অভিনেত্ৰী গৰাকী ১৯ ডিচেম্বৰৰ ভিতৰত ইডিৰ সন্মুখত হাজিৰ হ’ব লাগিব। ৰাকুলপ্ৰীতৰ উপৰিও, ইডিয়ে শুক্ৰবাৰে ভাৰতীয় ৰাষ্ট্ৰ সমিতিৰ বিধায়ক ৰোহিত ৰেড্ডীকো মাতি পঠিয়াইছে।