Tuesday, July 8, 2025
Homeৰাজনৈতিককেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰে অসমৰ ৮ টা আদিবাসী উগ্ৰপন্থী...

কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰে অসমৰ ৮ টা আদিবাসী উগ্ৰপন্থী গোটে

ডিজিটেল ডেস্ক, ANEWS24X7: বৃহস্পতিবাৰে নতুন দিল্লীৰ নৰ্থ ব্লকত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু অসমৰ আঠটা জনজাতীয় গোটৰ প্ৰতিনিধিসকলৰ মাজত স্বাক্ষৰিত হৈছে ঐতিহাসিক ত্ৰিপাক্ষিক চুক্তি । এই চুক্তিত স্বাক্ষৰ কৰিছে অসমৰ ৫ টা আদিবাসী বিদ্ৰোহী সংগঠনৰ নেতৃবৃন্দৰে সৈতে শান্তি চুক্তিত স্বাক্ষৰ কৰে কেন্দ্ৰীয় চৰকাৰে ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসমৰ ৫ টা আদিবাসী উগ্ৰপন্থী গোটে স্বাক্ষৰিত কৰে শান্তি চুক্তি । শান্তি চুক্তিত বিৰচা কমাণ্ডো ফ’ৰ্চ (বিচিএফ), আদিবাসী পিপলছ আৰ্মি (এপিএ), অল আদিবাসী নেচনেল লিবাৰেচন আৰ্মি (আনালা), আদিবাসী কোবৰা মিলিটাৰী অৱ আছাম (এচিএমএ), সাঁওতালি টাইগাৰ ফ’ৰ্চ (এছটিএফ) আৰু বিচিএফ, এএনএলএ আৰু এচিএমএৰ এফ জি গোটে স্বাক্ষৰ কৰে ।কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এই শান্তি চুক্তিত স্বাক্ষৰ কৰে বিদ্ৰোহী সংগঠন কেইটাই ।

শান্তি চুক্তি স্বাক্ষৰ কৰাৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ,‘‘আমি বিচাৰো যে অসম আৰু উত্তৰ-পূব অঞ্চল ড্ৰাগমুক্ত, সন্ত্ৰাসবাদমুক্ত, বিবাদমুক্ত আৰু সম্পূৰ্ণৰূপে বিকশিত হ’ব লাগে। মোডী চৰকাৰে ইয়াৰ বাবে কাম কৰি আছে ।’’ এই চুক্তিক ঐতিহাসিক চুক্তি আখ্যা দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

উক্ত শান্তি চুক্তিত স্বাক্ষৰ কৰে বিৰচা কমাণ্ডো ফ’ৰ্চৰ অধ্যক্ষ দূৰ্গা হাছা, আদিবাসী কোবৰা মিলিটাৰী অৱ আছামৰ অধ্যক্ষ অসীম হাছদা , অল আদিবাসী নেচনেল লিবাৰেচন আৰ্মিৰ অধ্যক্ষ দীপক নায়ক , আদিবাসী পিপলছ আৰ্মিৰ অধ্যক্ষ মণ্ডল হাছদা, সাঁওতালি টাইগাৰ ফ’ৰ্চৰ অধ্যক্ষ পেৰচিয়াচ হেমৰম , অল আদিবাসী নেচনেল লিবাৰেচন আৰ্মি (এফ জি) অধ্যক্ষ অমৃত বেক , বিৰচা কমাণ্ডো ফ’ৰ্চ (বাদল টুডু)ৰ অধ্যক্ষ টিৰকু টুডু , আদিবাসী কোবৰা মিলিটাৰী অৱ আছামৰ (এফ জি) সাধাৰণ সম্পাদক চিনেশ হেমৰমে ৷

ইয়াৰ উপৰিও বিৰচা কমাণ্ডো ফ’ৰ্চৰ মুখ্য সেনাধ্যক্ষ সুভেশ টিৰকি ,আদিবাসী কোবৰা মিলিটাৰী অৱ আছামৰ উপাধ্যক্ষ চচিন টিগ্গা , অল আদিবাসী নেচনেল লিবাৰেচন আৰ্মিৰ মুখ্য সেনাধ্যক্ষ পিটাৰ ডুং , আদিবাসী পিপলছ আৰ্মিৰ মুখ্য সেনাধ্যক্ষ মোহন কিচকু , সাঁওতালি টাইগাৰ ফ’ৰ্চৰ মুখ্য সেনাধ্যক্ষ লক্ষন চৰেন , অল আদিবাসী নেচনেল লিবাৰেচন আৰ্মি (এফ জি) মুখ্য সেনাধ্যক্ষ জাগিৰ চৰেন , বিৰচা কমাণ্ডো ফ’ৰ্চ (বাদল টুডু)ৰ মুখ্য সেনাধ্যক্ষ বিলিয়াম টুডু , আদিবাসী কোবৰা মিলিটাৰী অৱ আছামৰ (এফ জি) উপমুখ্য সেনাধ্যক্ষ চুনকা হাচডাই চক্তিত স্বাক্ষৰ কৰে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments