Friday, March 20, 2026
Homeঅসমনিৰ্বাচন '২০২৬', এইবেলি আদিবাসী, চাহ জনগোষ্ঠী প্ৰধান এলেকাত আৰম্ভ হৈছে 'ধনু-কাঁড়'ৰ...

নিৰ্বাচন ‘২০২৬’, এইবেলি আদিবাসী, চাহ জনগোষ্ঠী প্ৰধান এলেকাত আৰম্ভ হৈছে ‘ধনু-কাঁড়’ৰ আধিপত্যৰ যুঁজ

দেৱজিৎ তালুকদাৰৰ এক প্ৰতিবেদন: অসমৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক আকাশত নতুন নতুন সমীকৰণে দেখা দিছে। ইয়াৰ ভিতৰত আটাইতকৈ চৰ্চিত আৰু গুৰুত্বপূৰ্ণ বিষয়টো হৈছে চাহ জনগোষ্ঠী আৰু আদিবাসী জনগোষ্ঠীৰ ভোটবেংক। অসমৰ নিৰ্বাচনী অংকত এই বিশাল ভোটাৰৰ সমাজখনৰ ভূমিকা কেৱল নিৰ্ণায়কেই নহয়, বৰঞ্চ তেওঁলোকৰ সমৰ্থনে চৰকাৰ গঠনৰ দিশ নিৰ্ণয় কৰে। এইবাৰ এই ভোটবেংকক কেন্দ্ৰ কৰি আৰম্ভ হৈছে এক অভূতপূৰ্ব ‘চিহ্ন যুঁজ’ (Symbol War), য’ত মূল কেন্দ্ৰবিন্দু হৈ পৰিছে আদিবাসী জনগোষ্ঠীৰ আৱেগৰ চিহ্ন ‘ধনু-কাঁড়'(bow and arrow)।

অসমৰ মুঠ জনসংখ্যাৰ এক বুজন অংশ হৈছে আদিবাসী আৰু চাহ জনগোষ্ঠীয় লোক। পৰিসংখ্যা অনুসৰি, ৰাজ্যখনত আছে প্ৰায় ৬০ ৰ পৰা ৭০ লাখ আদিবাসী- চাহ জনগোষ্ঠীৰ লোক । বিধানসভাৰ ১২৬ টা সমষ্টিৰ ভিতৰত প্ৰায় ৩৫ ৰ পৰা ৪০ টা সমষ্টিত এইসকল ভোটাৰেই ভাগ্য বিধাতা।ব্ৰহ্মপুত্ৰ উপত্যকাৰ উপৰি বৰাক উপত্যকাতো আছে আদিবাসী, চাহ জনগোষ্ঠীৰ বৃহৎ সংখ্যক ভোটাৰ। স্বাভাৱিকতে এই ভোট বেংকত যিটো দলৰ আধিপত্য থাকে, সেই দলেই নিৰ্বাচনত উক্ত সমষ্টি সমূহত আসন দখল কৰিবলৈ সক্ষম হয়।

আদিবাসী সমাজৰ বাবে ‘ধনু-কাঁড়’ কেৱল এটা নিৰ্বাচনী চিহ্ন নহয়। ই তেওঁলোকৰ পৰম্পৰা, সংস্কৃতি আৰু জনজাতীয় বীৰত্বৰ প্ৰতীক। এই আৱেগক বুকুত বান্ধি লৈ বিগত বৰ্ষত অসমত জন্ম হৈছিল আদিবাসীসকলৰ ‘জয় ভাৰত পাৰ্টী’ নামৰ এটা আঞ্চলিক দলৰ । ইতিমধ্যে দলটোৱে পঞ্চায়ত আৰু বিটিচি নিৰ্বাচনত যথেষ্ট সঁহাৰি লাভ কৰিছে। আদিবাসী জনগোষ্ঠীৰ অধ্যুষিত এলেকাসমূহত আনকি কোনো বৃহৎ ৰাজনৈতিক অভিজ্ঞতা নথকাকৈও এই চিহ্নটোৰ বাবেই দলটোৱে হাজাৰ হাজাৰ ভোট সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।

নিৰ্বাচনী আইন অনুসৰি, এটা অপঞ্জীয়নকৃত দলে প্ৰতিবাৰ নিৰ্বাচনত ‘ফ্ৰী ছীম্বল’ হিচাপে একেটা চিহ্ন লাভ কৰাটো সুনিশ্চিত নহয়। জয় ভাৰত পাৰ্টী যিহেতু এতিয়াও নিৰ্বাচন আয়োগৰ দ্বাৰা স্বীকৃত বা পঞ্জীয়নকৃত ৰাজনৈতিক দল নহয়, সেয়েহে বিধানসভা নিৰ্বাচনত তেওঁলোকে পুনৰ ‘ধনু-কাঁড়’ চিহ্নটো পাব নে নাই, তাক লৈ অনিশ্চয়তা আহি পৰিছে।
ঠিক এনে সন্ধিক্ষণতে ঝাৰখণ্ডৰ শাসকীয় দল তথা মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ নেতৃত্বাধীন ঝাৰখণ্ড মুক্তি মৰ্চাই (JMM) অসমৰ ৰাজনীতিত সক্ৰিয় হৈ পৰিছে। ঝাৰখণ্ডত আদিবাসী সকলৰ স্বাৰ্থৰ বাবে যুঁজ দিয়া এই দলটোৰ নিৰ্বাচনী চিহ্ন হৈছে ‘ধনু-কাঁড়’। যিহেতু জেএমএম এটা স্বীকৃতিপ্ৰাপ্ত দল, অসমৰ নিৰ্বাচনত তেওঁলোকৰ বাবে এই চিহ্নটো সংৰক্ষিত কৰাৰ পথ খোলা থাকে। শেহতীয়া খবৰ অনুসৰি, জয় ভাৰত পাৰ্টী আৰু জেএমএমৰ মাজত এক আনুষ্ঠানিক বুজাপৰা অব্যাহত আছে। ইয়াৰ অৰ্থ হ’ল, জয় ভাৰত পাৰ্টীৰ সমৰ্থকসকলে জেএমএমৰ বেনাৰত ‘ধনু-কাঁড়’ চিহ্নটো ব্যৱহাৰ কৰি নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ পৰিকল্পনা কৰিছে।এনে দৃশ্যপটৰ মাজতেই চৰ্চিত হৈছে যে, বৰ্তমান যিহেতু জয় ভাৰত পাৰ্টী আৰু জেএমএমৰ মিত্ৰতাত টিকট প্ৰত্যাশীৰ ভিৰ বৃদ্ধি পাইছে, গতিকে টিকটৰ পৰা বঞ্চিত হোৱা বহুতো নেতাই এতিয়া শিৱসেনাৰ সৈতে যোগাযোগ আৰম্ভ কৰিছে। মন কৰিবলগীয়া যে শিৱসেনাৰো নিৰ্বাচনী চিহ্ন হ’ল ‘ধনু-কাঁড়’।যদি সচাঁকৈয়ে আগন্তুক নিৰ্বাচনত শিৱসেনাই প্ৰাৰ্থিত্ব প্ৰদান কৰে তেন্তে একেটা সমষ্টিতে একাধিক প্ৰাৰ্থীয়ে একেটা বা একেধৰণৰ চিহ্নৰে নিৰ্বাচন খেলিব বিচাৰিলে নিৰ্বাচন আয়োগৰ বাবে এক জটিল পৰিস্থিতিৰ সৃষ্টি হ’ব।

ঝাৰখণ্ড মুক্তি মৰ্চা আৰু শিৱসেনা— দুয়োটাই যদি অসমত নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰে আৰু দুয়োটা দলেই ‘ধনু-কাঁড়’ চিহ্নৰ দাবী কৰে, তেন্তে নিৰ্বাচনী আয়োগে কাৰ সপক্ষে ৰায় দিয়ে সেয়া হ’ব লক্ষ্যণীয়। ‘ধনু-কাঁড়’ৰ এই বিভাজনে বিজেপি বা কংগ্ৰেছৰ দৰে মূল দলবোৰক লাভান্বিত কৰিব পাৰে নেকি, সেয়াও এক গুৰুত্বপূৰ্ণ প্ৰশ্ন।
নিৰ্বাচন কেৱল প্ৰাৰ্থীৰ নহয়, চিহ্ন আৰু আৱেগৰো যুঁজ। আদিবাসী জনগোষ্ঠীৰ ভোটাৰসকলে যদি তেওঁলোকৰ আৱেগৰ চিহ্নটো কেইবাটাও দলৰ হাতত দেখে, তেন্তে তেওঁলোকৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হোৱাটো স্বাভাৱিক। ‘ধনু-কাঁড়’ৰ এই মেৰপেঁচে ২০২৬ চনৰ অসম নিৰ্বাচনত এক বিশেষ প্ৰভাৱ পেলাব বুলি ৰাজনৈতিক বিশ্লেষকসকলে ধাৰণা কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments