Monday, March 16, 2026
Homeঅসমঅসমত নিৰ্বাচন, বিহুৰ গুৰুত্ব বুজি ঘোষণা হ’ব দিন

অসমত নিৰ্বাচন, বিহুৰ গুৰুত্ব বুজি ঘোষণা হ’ব দিন

বুধবাৰে হোটেল ৰেডিছন ব্লুত ভাৰতৰ নিৰ্বাচন আয়োগে সম্বোধন কৰে সংবাদমেল। দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তৰ নেতৃত্বত দুদিনীয়া কাৰ্যসূচীৰে ১৬ ফেব্ৰুৱাৰীত অসমলৈ অহা নিৰ্বাচন আয়োগৰ দলটোৱে সম্বোধন কৰে সংবাদমেল। বিগত দুটা দিনত পঞ্জীয়নকৃত ৰাজনৈতিক দল, মুখ্য সচিব, আৰক্ষী সঞ্চালকপ্ৰধান, জিলা নিৰ্বাচনী বিষয়া, জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলৰ সৈতে সুকীয়া সুকীয়াকৈ বৈঠকত বহিছিল নিৰ্বাচন আয়োগৰ দলটো।

নিৰ্বাচন আয়ুক্তই কয়, অসমত SR ৰূপায়ণ কৰাৰ লক্ষ্যই আছিল কোনো অযোগ্য ভোটাৰ ভোটাৰ তালিকাত থাকিব নোৱাৰিব। এইবাৰ অসমত সংযুক্ত হৈছে ৫ লাখ ৭৫ হাজাৰ নতুন ভোটাৰ । ৫০০টাহে ভোটাৰ সম্পৰ্কীয় বিসংগতিৰ অভিযোগ আহিছে। ২ লাখ ৫০ হাজাৰ লোক এতিয়া SR ৰ জৰিয়তে ভোটাৰ তালিকাৰ পৰা বাদ পৰিছে। এইবাৰ থাকিব ৩১,৪৮৬টা ভোটগ্ৰহণ কেন্দ্ৰ। ২৭,৭১১টা ভোটগ্ৰহণ কেন্দ্ৰ থাকিব গাঁও অঞ্চলত, নগৰাঞ্চলত থাকিব ৩,৭৭৫টা। মহিলা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ থাকিব ৩৭১৬টা। কোনো ভোটকেন্দ্ৰত ১২০০তকৈ অধিক ভোটাৰ নাথাকিব। খোৱাপানী, ৱাশ্বৰূম, হুইল চেয়াৰ আদি সকলো ব্যৱস্থা থাকিব।

যুৱ ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা নিৰ্বাচন আয়োগৰ। AEROয়ে কেম্পেইন কৰিব প্ৰতিখন কলেজত। দিব্যাংগৰ বাবে ভোট কেন্দ্ৰ থাকিব ভূমি মহলাত, থাকিব হুইল চেয়াৰৰ ব্যৱস্থা। হোম ভোটিঙৰো ব্যৱস্থা থাকিব বুলি ভাৰতৰ নিৰ্বাচন আয়োগে সদৰী কৰে। এইবাৰ ভোটদানৰ সময়ত ভোটকেন্দ্ৰৰ দুৱাৰৰ বাহিৰত মোবাইল ফোন জমা দি যাব লাগিব ভোটাৰে। EVMত ৰঙীন ফটো থাকিব প্ৰাৰ্থীৰ। ১০০ শতাংশ ৱেব কাষ্টিং হ’ব প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত। প্ৰতিগৰাকী BLOৰ বাবে আই কাৰ্ড দিয়া হৈছে, যাতে ভোটাৰৰ ঘৰলৈ যাওঁতে অসুবিধা নহয়। ECINET এপ সকলোকে ডাউনলোড কৰিবলৈ আহবান I এই এপটোত লাভ কৰিব নিৰ্বাচনৰ সকলো তথ্য।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments